পৰ্যটন সম্পৰ্কীয় ৱেবিনাৰ অনুষ্ঠিত

0 222

পি এইছ ডি চেম্বাৰছ অফ কৰ্মাচ উদ্যোগত অসম পৰ্যটন আৰু ৰাজস্থান পৰ্যটনৰ সম্পৰ্কত এখন ৱেবিনাৰ অনুষ্ঠিত হয়। ৱেবিনাৰখনত ক’ভিডৰ পাছত কিদৰে পৰ্যটন ক্ষেত্ৰখনক আগুৱাই লৈ যাব পাৰি সেই বিশেষ বিশদ ভাৱে আলোচনা হয়।আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰে ভাৰত পৰ্যটনৰ ক্ষেত্ৰীয় সঞ্চালক শংখ শুভ্ৰ দেৱবৰ্মন, সাংসদ পল্লভ লোচন দাস,চেম্বাৰছ অফ কৰ্মাচৰ মনোজ দাস,চিকিমৰ ভায়েছ চেঞ্চলাৰ জগন্নাথ পাটনায়ক আৰু ৰাজস্থান পৰ্যটনৰ বিষয়ববীয়া।
উল্লেখযোগ্য যে এই ৱেবিনাৰ খনৰ জৰিয়তে কি দৰে গ্ৰাম্য পৰ্যটন,চাহ পৰ্যটন,বন্য প্ৰাণী পৰ্যটন প্ৰসাৰ ঘটাব পাৰি সেই সম্পৰ্কে বিশদ ভাৱে আলোচনা হয়।বিশেষকৈ দুয়োখন ৰাজ্যত ক’ভিড পিছত কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়েও আলোচনা কৰে।

Leave A Reply

Your email address will not be published.