অহা ৭ মেত অনুষ্ঠিত হ’বলগীয়া ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন স্বচ্ছ,নিকা,শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সকলো যাৱতীয় পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা নিৰ্বাচন কৰ্তৃপক্ষই। নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ সুকলমে পৰিচালনা কৰাৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উক্ত বৈঠকত কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া সুমিত চাত্তাৱনকে ধৰি সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কেশৱ সিংঘানিয়া,আৰক্ষী পৰ্যবেক্ষক ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে ৰঘুৰাম ৰেড্ডী আৰু ব্যয় পৰ্যবেক্ষক ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া টি জেমছ সিংছনসহ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী তথা সংশ্লিষ্ট প্ৰতিনিধিসকল উপস্থিত থাকে। সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে সকলো পক্ষক নিৰ্বাচনী আচৰণ বিধি মানি কাম-কাজ কৰিবলৈ তথা কিবা অভিযোগ বা আপত্তি থাকিলে ততালিকে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাবলৈ আহ্বান জনায়। একেদৰে আৰক্ষী পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা সকলো নীতি-নিয়ম মানি নিৰ্বাচনী কাম সম্পাদন কৰাৰ কথা উল্লেখ কৰে। সভাত ব্যয় পৰ্যবেক্ষক গৰাকীয়ে কয় যে নিৰ্বাচনৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিজৰ নামত পৃথকে বেংক একাউণ্ট থাকিব লাগিব আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰা ভোটগ্ৰহণৰ দিনটোলৈকে তিনিবাৰ তেওঁলোকৰ একাউণ্ট সমূহ পৰীক্ষা কৰা হ’ব।২৭ এপ্ৰিল,৩০ এপ্ৰিল আৰু ৩ মে’ ত এই পৰীক্ষা কৰা হ’ব। তদুপৰি তেওঁ প্ৰতিটো দল তথা প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ,যাতায়ত আদিৰ ব্যয় নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰে।উল্লেখযোগ্য যে নিৰ্বাচনী ব্যয়ৰ সৈতে জড়িত অভিযোগৰ বাবে ব্যয় পৰ্যবেক্ষকৰ মোবাইল নং – ৯৮৬৪২-২২৪১১, সাধাৰণ অভিযোগৰ বাবে সাধাৰণ পৰ্যবেক্ষকৰ মোবাইল নং- ৬০০৩৭-৭৫৬৯৬ আৰু আৰক্ষী পৰ্যবেক্ষকৰ ওচৰত কিবা অভিযোগ দিবলগীয়া থাকিলে মোবাইল নং- ৯৯৮৯০-৯৩৭৬৪ত যোগাযোগ কৰিবলৈ সকলো পক্ষকে আহ্বান জনোৱা হৈছে। সভাত কামৰূপ মহানগৰ জিলা ৰিটাৰ্ণিং বিষয়া সুমিত চাত্তাৱনে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো পক্ষৰ সহায়-সহযোগিতা কামনা কৰিছে।
Trending
- মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত স্বাক্ষৰিত হয় এইমএছ গুৱাহাটী আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মাজত এক বুজাবুজি চুক্তি
- আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল
- অমৃত বৃক্ষ আন্দোলনৰ অধীনত মৰিগাঁও জিলাত ৭ লাখ গছপুলি ৰোপণৰ লক্ষ্য
- তামুলপুৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় সভা
- গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত মন্ত্ৰী অশোক সিংহলৰ ঘোষণা
- গোৱালপাৰাৰ সদ্যপ্ৰয়াত ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকাৰ্ত পৰিয়ালবৰ্গক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ
- আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিন উদযাপন
- গুৱাহাটীত সাংবাদিকৰে মননশীল আলোচনাত অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক প্ৰফুল্ল কেতকাৰ
- পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন