বঙাইগাঁও জিলাৰ ১৬৮ নং চাকলা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ পালনৰ বিশেষ প্ৰস্তুতি

0 206

নামনি অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত ১৬৮ নং চাকলা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বছৰ জোৰা অনুষ্ঠিত হোৱা শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ অৰ্থে প্ৰকাশ কৰিবলগীয়া স্মৃতিগ্ৰন্থৰ ফটো চেছন আজি বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হৈছে।

প্ৰাপ্ত তথ্য মতে বিগত ১৯২২ চনত স্থাপিত হোৱা ১৬৮নং চাকলা নিম্ন প্ৰাথমিক বিদ্যালয়খন চলিত ২০২২চনত এশ বছৰ পূৰ্ণ কৰে।সেইয়ে চলিত বৰ্ষৰ বিগত পহিলা জানুৱাৰী মাহত বিদ্যালয় খনৰ শতবৰ্ষ পালনৰ অৰ্থে বৰ্ষ জোৰা সোণালী জয়ন্তী পালন উৎসৱ আৰম্ভ কৰে।আৰু আজি ইয়াৰে এক ফটো চেছন কাৰ্য্যসূচী অনুষ্ঠিত কৰে।অহা ১৬,১৭আৰু ১৮ ডিচেম্বৰত তিনি দিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত হবলগীয়া সোণালী জয়ন্তীৰ মুকলি সভাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস,সংবাদ মাধ্যমৰ কেইবাজনো বিশিষ্ট সাংবাদিক ,বুদ্ধিজীৱী ,সমাজকর্মী আৰু শীৰ্ষ আমোলা বিষয়া সকল উপস্থিত থাকিব বুলি ঘোষণা কৰিছে আদৰণি সমিতিৰ সভাপতি তথা বিধায়ক আব্দুল বাটেন খণ্ডকাৰে।ইফালে উক্ত সোণালী জয়ন্তী উৎসৱ পালনৰ অৰ্থে স্থানীয় ৰাইজ বিশেষ উৎসাহ উদ্দীপনাৰে প্ৰস্তুতি চলাই গৈছে বুলি জানিব পৰা গৈছে।

বাতৰি যুগুতালে বঙাইগাঁওৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.