কামৰূপ জিলাত পেঞ্চনাৰ সকলৰ ডিজিটেল জীৱন প্ৰমাণ সেৱাৰ আনুষ্ঠানিকভাৱে মুকলি

0 145

আজি কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ পৌৰোহিত্যত অনুষ্ঠিত এক অনুষ্ঠানত জিলাখনৰ পেঞ্চনাৰ সকল বাবে ডিজিটেল জীৱন প্ৰমাণ সেৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ যুটীয়া সচিব অতনু শৰ্মা, কৃতজ্ঞতা পোৰ্টেলৰ কাৰিকৰী সঞ্চালক মানৱেন্দ্ৰ শৰ্মা, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা কিছুসংখ্যক অৱসৰপ্ৰাপ্ত শিক্ষকৰ উপস্থিতিত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

উল্লেখ্য যে কৃতজ্ঞতা পোৰ্টেলৰ সম্প্ৰসাৰিত সেৱাৰ অংশ হিচাপে এতিয়াৰ পৰা পেঞ্চনাৰ সকলে নিজৰ বাইঅ’মেট্ৰিক বছৰৰ নৱেম্বৰ মাহত উপাযুক্ত কাৰ্যালয়ত সংলগ্ন পেঞ্চন সেৱা কেন্দ্ৰ, ডাকঘৰ অথবা নিজৰ মোবাইলত উপলব্ধ এপৰ জৰিয়তে প্ৰদান কৰি জীৱন প্ৰমাণ প্ৰদানৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে এতিয়াৰ পৰা কোনো বেংকলৈ যোৱাৰ প্ৰযোজন নহব। ইয়াৰ বাবে পেঞ্চনাৰ সকলে নিজৰ আধাৰ নম্বৰ সংযোগীকৰণ কৰিব লাগিব আৰু তেওঁলোকৰ বিপৰীতে এক আই‌ ডি জেনেৰেট হ’ব।

জিলাখনত আজি এই সেৱা শুভাৰম্ভণি কৰি জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে চৰকাৰে প্ৰদান কৰা এই বিশেষ সুবিধা পেঞ্চনাৰ সকলে গ্ৰহণ কৰি উপকৃত হবলৈ আহ্বান জনায়। এই প্ৰসংগতে তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে সকলো ব্যৱস্থা অনলাইনৰ জৰিয়তে কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে। এই সুবিধাৰ অংশ হিচাপে পেঞ্চনাৰ সকলে এতিয়া নিজৰ গৃহৰ পৰাই জীৱন প্ৰমাণ প্ৰদানৰ বিশেষ সুবিধা লাভ কৰিব পাৰিব বুলিও তেওঁ কয়। তেওঁ জিলাখনৰ অৱসৰপ্ৰাপ্ত শিক্ষককে ধৰি ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ সকলক এই বিষয়ে সতীৰ্থ সকলৰ মাজত বিশেষ সজাগতাৰ পদক্ষেপ লবলৈও আহ্বান জনায়।
কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পেঞ্চন আৰু ৰজহুৱা ওজৰ-আপত্তি বিভাগৰ যুটীয়া সচিব অতনু শৰ্মা, কৃতজ্ঞতা পোৰ্টেলৰ কাৰিকৰী সঞ্চালক মানৱেন্দ্ৰ শৰ্মা, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাৰ লগতে অনুষ্ঠানত উপস্থিত থকা পেঞ্চনাৰ সকলেও চৰকাৰৰ এই পদক্ষেপৰ শলাগ লৈ বক্তব্য প্ৰদান কৰে।

আজিৰ অনুষ্ঠানতে জিলা উপায়ুক্ত তথা অন্যান্য অভ্যাগত সকলে অনুষ্ঠানৰ অংশ হিচাপে কামৰূপ পেঞ্চন সেৱা কেন্দ্ৰত বাইঅ’মেট্ৰিক প্ৰদানৰ জৰিয়তে জেনেৰেট কৰা জিলাখনৰ ৫০ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক জীৱন প্ৰমাণ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই ।

Leave A Reply

Your email address will not be published.