মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা অনুষ্ঠিত হোৱা শেহতীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নিৰ্দিষ্ট সীমাৰেখা শতকৰা হাৰৰ ওপৰত উত্তীৰ্ণ হোৱা মেধাৱী পৰীক্ষাৰ্থীলৈ আনুষ্ঠানিক ভাৱে স্কুটাৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে।উল্লেখ্য যে ৰাজ্য ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰজ্ঞা ভাৰতী আঁচনি’ৰ অধীনত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ আঁচনিখন আৰম্ভ কৰিছিল।চলিত বৰ্ষত প্ৰজ্ঞা ভাৰতীয় অধীনত সৰ্বমুঠ ৩৫,৮০০ জন ছাত্ৰ ছাত্ৰীক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হৈছে।ইয়াৰে ৬০৫২ জন ছাত্ৰ আৰু ২৯,৭৪৮ গৰাকী ছাত্ৰী।এই বঁটাৰ বাবে যোগ্যতা আহৰণ কৰিবলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ছাত্ৰৰ বাবে ৭৫ শতাংশ বা ততোধিক আৰু ছাত্ৰীৰ বাবে ৬০ শতাংশ বা ততোধিক নম্বৰ নিৰ্ধাৰণ কৰা হৈছিল।কেন্দ্ৰীয় ভাৱে আয়োজিত এই অনুষ্ঠানত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ যোগ্য ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটাৰ বিতৰণ কৰা হয়।আনহাতে আন জিলাসমূহত ডিচেম্বৰ ভিতৰত এই আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ কৰা হ’ব।অনুষ্ঠানত ছাত্র-ছাত্ৰী সকলৰ জীৱনৰ বাবে এই দিনটো এক মাইলৰ খুটি হিচাপে চিহ্নিত হৈ ৰ’ব ।তেওঁলোকৰ অধ্যয়নৰ প্ৰতি থকা কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা বাবে এই বঁটা সমাজৰ পৰা লাভ কৰা উপহাৰ আৰু আশীৰ্বাদ বুলি মুখ্যমন্ত্ৰীয়ে অভিহিত কৰে। ড° বাণীকান্ত কাকতি অসম বৌদ্ধিক জগতৰ উজ্বল নক্ষত্ৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এইগৰাকী সুযোগ্য অসম সন্তানৰ নামেৰে নামাকৰণ এই বঁটা প্ৰাপকৰ চূড়ান্ত তালিকাত নিৰ্বাচিত হোৱা মেধাৱী ছাত্ৰ ছাত্রীসকলে নিজ নিজ ক্ষেত্ৰত উজলি উঠি ৰাষ্ট্ৰ আৰু জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি ভাষণত আত্মবিশ্বাস প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক অনাগত ২৫ বছৰত অমৃত কাল হিচাপে গণ্য কৰিবলৈ জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মেধাৱী সকলৰ নিজৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত দেশৰ উন্নতি হকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়।তেওঁলোকক অমৃত কালৰ অমৃত সন্তান বুলি অভিহিত কৰি ছাত্ৰ-ছাত্ৰীসকলক স্বাধীনতা ১০০ বছৰত অমৃত কাল উদযাপন সমাপনৰ যোগ্যতা আৰু সামৰ্থৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।উন্নয়ন আৰু বিকাশৰ বাবে যুৱপ্ৰজন্মক নেতৃত্ব গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰী সকলে যাতে কৃতিত্ব লাভ কৰিব পাৰে তাৰ বাবে অন্যান্য ৰাজ্য ছাত্ৰ ছাত্ৰী সকলৰ সৈতে ফেৰমাৰি হাতে হাত ধৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়।উদ্ভাৱনৰ জগতখনে বাবে লাভজনক আৰু বিকাশৰ সুযোগ কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত ডিজিটেলাইজেশ্যন অহা কেইটামান দশকৰ বাবে উন্নয়ন মন্ত্ৰ হ’ব বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিবলৈ ভাষণ প্ৰসংগ আহ্বান জনায়।তেওঁ কয় যে উদ্ভাৱনে নিয়োগ প্ৰাৰ্থী হৈ থকাতকৈ নিয়োগ প্ৰদানকাৰী হোৱাটো নিশ্চিত কৰিব।তেওঁ লগতে কয় যে অসমৰ যুৱক যুৱতী সকলৰ নতুন যুগৰ প্ৰযুক্তি যেনে আগমেন্টেড ৰিয়েলিটি,ভাৰ্চুৱেল ৰিয়েলিটি, ব্লক-চেইন,কোৱান্টাম কম্পিউটিং ,কৃত্ৰিম বুদ্ধিমত্তা,বিগ ডাটা,এডভান্সড জিমমিক্স আদিৰ বিষয়ে অন্ততঃ মৌলিক ধাৰণ থাকিব লাগিব ।এই বিষয়ে অজ্ঞ হৈ থাকিলে ভৱিষ্যতৰ দিনত তেওঁলোকৰ কেৰিয়াৰ ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ দৰে ৰাজ্য যুৱক যুৱতী সকলে ইতিমধ্যে নিজকে এই প্ৰযুক্তিগত বিপ্লৱৰ অংশ কৰি তুলিছে।মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আকাশ স্পৰ্শ কৰাৰ লক্ষ্য নিশ্চিত কৰিবলৈ আহ্বান জনাই অনাগত দিনত তেওঁলোকে নিজৰ আকাংক্ষাক তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত যদিহে সীমাবদ্ধ ৰাখে তেন্তে তেওঁলোকৰ প্ৰতিভাৰ অপচয় হ’ব বুলি ব্যক্ত কৰে।ছাত্ৰ-ছাত্রীসকলে ইন্ধনৰ বাবে ধন খৰচ কৰিবলগীয়া হোৱাটো নাইকীয়া কৰাৰ নিমিত্তে অহা বছৰ পৰা বাণীকান্ত কাকতি বঁটা প্ৰাপকসকলক অসম চৰকাৰে বৈদ্যুতিক স্কুটাৰ বিতৰণ বাবে চিন্তা চৰ্চা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য শিক্ষানুষ্ঠান সমূহত স্নাতকোত্তৰ পাঠ্যক্ৰম বাবে মহিলাসকলক বছৰি ১০ হাজাৰ টকাকৈ ষ্টাইপেগু প্ৰদান কৰাৰ বাবে এখন আঁচনিৰ বিষয়েও চিন্তা চৰ্চা চলাই থকা হৈছে।ইয়াৰ দ্বাৰা তেওঁলোকৰ যাতায়ত আৰু অন্যান্য আনুসংগিক খৰচ বহন কৰাত সহায়ক হ’ব বুলি কয়।স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰা মহিলা সকলক শিক্ষা বিভাগে এই উদ্দেশ্যে অহা কেইসপ্তাহ মানৰ ভিতৰত মুকলি কৰিবলগীয়া অনলাইন প’ৰ্টেলত আবেদন কৰিবলৈ আহ্বান জনায়।এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু,পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা ,অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত,বিধায়ক মানৱ ডেকা,অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা,শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap