পশ্চিম গুৱাহাটীৰ বঙৰা পাচনীয়াপাৰাত এছ.এছ.বি এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু ৰাজ্যিক পশু চিকিৎসালয়, আজাৰাৰ সহযোগত আজি পশুধনৰ টিকাকৰণ আৰু চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। শিৱিৰত অঞ্চলটোৰ প্ৰায় ১৩০ টা পশুধনক জহাৰ বাট ৰোগৰ টিকাকৰণ কৰণ কৰাৰ লগতে বিভিন্ন বেমাৰৰ ঔষধ বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। উক্ত চিকিৎসা শিৱিৰত জিলা পশু পালন বিষয়া ড০ অৰুণ শৰ্মাই উপস্থিত থাকি পশুধনৰ বিভিন্ন বেমাৰৰ সন্দৰ্ভত ভাষণ প্ৰসঙ্গত উল্লেখ কৰাৰ লগতে গৰু, ছাগলী আৰু মুৰ্গীৰ বাবে নাবাৰ্ড বেংক তথা স্থানীয় বেংকৰ পৰা ঋণ লোৱাৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰে। উক্ত অনুষ্ঠানত আজাৰা পশু চিকিৎসালয়ৰ পশু চিকিৎসক ড০ প্ৰদীপ শৰ্মা, ড০ পিংকি বৰ্মন, ক্ষেত্ৰ সহায়ক বিভুতি শৰ্মা, ৰেকট আলী, ভৱানী শৰ্মা, স্থানীয় যুৱক সৰ্বেশ্বৰ দাসৰ লগতে অঞ্চলটোৰ লোকসকল উপস্থিত থাকে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন