বটদ্ৰৱাত মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘৰৰ দক্ষিনে সাত বৈকুন্ঠৰ শক্তি স্থাপনৰ উদেশ্যে পঞ্চদশ শতিকাতে সাত থাক কৰি দৌলৰ ভেটি বন্ধাইছিল। শংকৰ গুৰুজনাই তেৰাৰ জন্মস্থান বটদ্ৰৱা আলিপুখুৰীত মাঘৰ পূৰ্ণিমাত চিহ্নযাত্ৰা ভাওনা কৰি ফাল্গু পূৰ্ণিমাত এই দৌলতেই পোন প্রথম বাৰৰ বাবে ফাল্গু উৎসৱ অৰ্থাৎ ৰঙৰ উৎসৱ ফাকুৱা পাতি গোবিন্দ গোসাঁই মুৰত ফাকু দি অনুপম আনন্দদায়ক ফল্গুৎসৱৰ পাতনি মেলিছিল। তাহানিতে গুৰুজনে দেখুৱাই যোৱা মহান ঐতিহ্যক সাৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ শ্রীশ্রী বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি নীতিৰে ১৩ মাৰ্চৰ পৰা পাঁচ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ ভাৱে চলি আছে দৌল উৎসৱ। দৌল উৎসৱৰ তৃতীয় দিনা পুৱা ৪.৩০ বজাত তাল কোবোৱা, মঞ্জিৰা নাম, ৮ বজাত আইসকলৰ নাম প্ৰসঙ্গ, ১১ বজাত খোল প্ৰসঙ্গ, ডেৰপৰীয়া নাম প্ৰসঙ্গ আদি থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসবৰ মূল আৰ্কষন গোসাঁই ফুৰোৱা উৎসৱ। আবেলি ২ বজাত গায়ন বায়নে গুৰুঘাট, চাহিনী, ধেমালি গাই, ৰচক তালৰ “বাইৰ হুয়া দেখো সই, এ সুন্দৰ নন্দেৰ বালা”-শীৰ্ষক গীত গাই গাই চোঁৱৰেৰে বা দি দি ভকত-বৈষ্ণৱে সিংহাসনত বহুৱাই বংশী গোপাল গোসাঁইক কান্ধত লৈ ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত, ধুলীয়া, কালিয়া, ছত্ৰ, দণ্ড, চক্ৰ, ভেৰু, কালি, সো-মুখ, শংখৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে নাম আৰু বিভিন্ন জনগোষ্ঠীৰ বৰ্নাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমন্বয়ৰ সমাহাৰেৰে ফাকুৰ গুড়ি সিঁচি সিঁচি দৌললৈ যাত্রা কৰে। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱা লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে। শিশু বৃদ্ধ সকলোৱে আনন্দত আত্মহাৰা হৈ কৃষ্ণ নামৰে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা ধামৰ আকাশ বতাহ মুখৰিত কৰি তোলে। পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ অন্তৰ্গত সৰুহিছা, বৰহিছা, বৰভেটি গাঁও পদক্ষিন কৰোৱা হয়। পদক্ষিন কালত গোসাঁইক প্ৰতিঘৰ গৃহস্থই নিজ পদুলিত ধূপ, ধূনা, অৰিহণাৰে বছৰটোৰ বাবে সেৱা আগবঢ়াই আৰু সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দিয়ে। শেষত আকাশী গংগাৰ তীৰেৰে গোসাঁইক পুনৰ কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা সময়ত দুৱাৰ ধৰা নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা সামৰণি মৰা হয়। ইফালে ১৪ মাৰ্চৰ পৰা দুয়োদিনে সন্ধিয়া ৭ বজাত থানৰ নাটঘৰ,দৌলমন্দিৰ প্ৰাংগনত দিহানাম সমাৰোহ আৰু আকাশী গংগাৰ তীৰৰ আই খেৰসূঁতি সাংস্কৃতিক মঞ্চত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে দৌল মহোৎসৱৰ স্মৰনিকা “দৌল ” উন্মোচন কৰা হয় ৷
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি