বটদ্ৰৱাৰ নসত্ৰত নগাঁও জিলা সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উদযাপন

0 247

নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সোনাই উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ উদ্যোগত আজি ন-সত্ৰৰ আইলক্ষী আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃ্তি দিৱসটি সাহিত্যৰ দিন ৰূপে উদ্‌যাপন কৰা হয়। তদুপলক্ষে পুৱা শাখা সভাপতি দিলীপ কুমাৰ বৰাই পতাকা উত্তোলন কৰে আৰু স্মৃতি তৰ্পন আগবঢ়াই আইলক্ষী আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণটি কলিতাই ৷ পুৱা ১১ বজাৰ পৰা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তৰ পৌৰোহিত্য অনুষ্ঠিত হোৱা মুকলি সভাৰ আদৰণি ভাষণ আগবঢ়ায় সোনাই উত্তৰ আঞ্চলিক সৌৰভ শাখাৰ সভাপতি দিলীপ কুমাৰ বৰাই বৃহত্তৰ ৰাইডঙীয়া অঞ্চলৰ ৰূপৰেখাা দাঙি ধৰে। সম্পাদক কবিন পাটৰে আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথি ৰূপেৰ ভাষন আগবঢ়াই শিল্পী পেঞ্চনাৰ কিৰণ হাজৰিকাই অসমীয়া ভাষা সাহিত্যৰ উত্তৰণত লক্ষ্মীনাথ বেজবৰুৱাই এককভাৱে আগবঢ়াই থৈ যোৱা অৱদানৰ কথা বিশ্লেষণ কৰে। উক্ত সভাতে লেখক দিলীপ কুমাৰ বৰাৰ বিশ্বমহাবীৰ চিলাৰায়ৰ জীৱন দৰ্শন নামৰ গ্ৰন্থখন উন্মোচন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতি প্ৰাক্তন সাধাৰন সম্পাদক তথা অসম সাহিত্য সভাৰ হিতৈষী সভ্য ব্ৰজেন কাকতিয়ে৷ বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈ, জিলা সাহিত্য সভাৰ উপসভাপতি উপেন বৰা, কোষাধ্যক্ষ কুমুদ বৰা,বিষয়ববীয়া অধৰ ঠাকুৰীয়া, কল্যাণ কুমাৰ বৰা,জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱা, লেখিকা ৰিনি নেওগ বৰা, সমাজকৰ্মী প্ৰফুল্ল চন্দ্ৰ নাথ, নাৰায়ণ দাস ,শিল্পী মুনীন্দ্ৰ বৰুৱা, নৱকমল ৰাজা, গ্ৰন্থ
প্ৰকাশক দেৱাশ্ৰী বৰা,চেনিমাই কলিতা,অৰ্নৱ গাৰ্গকে আদি কৰি অতিথি, স্থানীয় ৰাইজ, ছাত্ৰ ছাত্ৰী সহ পাঁচ শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিত বৰগীত,অসমীয়া চিৰযুগমীয়া গীত পৰিবেশন কৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.