সমগ্ৰ জীৱৰ মুক্তি আৰু জনগণৰ মঙ্গলাৰ্থে নামনি অসমৰ ধুবুৰী জিলাৰ হৰলটাৰীত অনুষ্ঠিত হল তিনিদিনীয়াকৈ পালনাম

0 145

নামনি অসমৰ ধুবুৰী জিলাৰ সাপতগ্ৰাম অঞ্চলৰ হৰলতাৰীত ৰাজহুৱা নামঘৰত ১৫,২৬,২৭ মাৰ্চৰ তিনিদিনীয়াকৈ চতুৰ্থ সংখ্যক পালনাম মহোৎসৱ অনুষ্ঠিত হৈছে।প্ৰাপ্ত তথ্যমতে প্ৰথম দিনা ২৫মাৰ্চৰ ৰাতিপুৱা সেৱা বাহিনীৰ পৰিৱেশ নিকাকৰণৰ পিছত নাম প্ৰসংগ ,আই মাতৃ নাম আৰু বীৰ নাম অনুষ্ঠিত হয়।পিছত অনুষ্ঠিত হয় ভাগৱত পাঠ ।দ্বিতীয় দিনা আজি ২৬মাৰ্চত পৰিৱেশ নিকাকৰণৰ পিছত নাম প্ৰসংগ আৰু ৰাতিপুৱা ৯বজাত ধৰ্মধবজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধুবুৰী জিলা শাখাৰ কেন্দ্ৰীয় তথা মূলৰ সদস্য অমল কৃষ্ণ দাসে।আৰু ১০ বজাত সমগ্ৰ অঞ্চলজুৰি ভাগৱত সাংস্কৃতিক শোভা যাত্ৰা অনুষ্ঠিত হয়।আবেলি ৩বজাত ভাগৱত পাঠ আৰু সন্ধিয়া ৫বজাৰ পৰা পালনাম অনুষ্ঠিত হয়।তৃতীয় দিনা ২৭মাৰ্চত ৰাতিপুৱাৰ ভাগৱত পালনাম সামৰণি পৰিব।আৰু দিনটোৰ অভ্যৰ্থনা কাৰ্য্যসূচী আৰম্ভ হব বুলি পৰিচালনা সমিতিৰ সভাপতি মাধৱ মেধি আৰু সম্পাদক ধৰ্মেন্দ্ৰ কলিতা বাপদ্বয়ে জানিব দিছে।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.