ডিব্ৰুগড়-তিনিচুকীয়াত বিভাগীয় কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 133

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীৰ খহনীয়া ৰোধৰ বাবে বিভাগৰ পৰা হাতত লোৱা কাম পৰ্যবেক্ষণ কৰে।মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ডিব্ৰুগড় চহৰৰ কয়লাঘাটত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰে । কিছুদিন পূৰ্বে অঞ্চলটোত প্ৰায় ২২০ মিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়াৰ সৃষ্টি কৰি নগৰখনলৈ ভাবুকি সৃষ্টি কৰিছিল।সেই সময়ত জলসম্পদ বিভাগে ক্ষীপ্ৰতাৰে জিও বেগ আৰু পাৰ্কুপাইনৰ ব্যৱহাৰেৰে এই খহনীয়া প্ৰতিৰোধ কৰিছিল। আজি মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়তো বিভাগীয়ভাৱে খহনীয়া ৰোধৰ কাম পূৰ্ণগতিত চলি আছে । আজি এই স্থানত বিধায়ক প্ৰশান্ত ফুকনক লগত লৈ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হৈ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষন কৰে । ডিব্ৰুগড় চহৰখনক যিকোনো উপায়েৰে ৰক্ষা কৰিবলৈ খহনীয়াত আক্ৰান্ত এই স্থানৰ লগতে প্ৰায় আধা কিলোমিটাৰ অংশত পাৰ্কুপাইন দি ভালকৈ প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰী হাজৰীকাই নিৰ্দেশ দিয়ে । এই অংশত খহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আৰু সুপৰিকল্পিত আঁচনিৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক আহ্বান জনায় । 

পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ হাতীঘূলিৰ পৰা লোহিত নদীৰে নাৱেৰে দিবাং নদীৰ সংযোগস্থলৰ অমৰপুৰৰ সমীপৱৰ্তীলৈ যাত্ৰা কৰি জলসম্পদ বিভাগৰ অধীনত প্ৰায় ১৩.৫ কোটি টকাৰ পুঁজিসাপেক্ষে ৰূপায়ণ হৈ থকা দিবাং নদীৰ গতি-পৰিৱৰ্তন প্ৰকল্প পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ প্ৰত্যক্ষ বুজ লয় । উল্লেখযোগ্য যে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী এই প্ৰকল্পৰে দিবাং নদীখনক পুনৰ পুৰণি সুঁতিৰে বৈ নিয়াবলৈ প্ৰয়াস কৰা হৈছে । উল্লেখ্য যে দিবাং নদীখনে বিগত সময়ত লোহিত নদীৰে বেচিকৈ ধাৱমান হৈ যোৱাৰ ফলত ইয়াৰ নামনিৰ ডিব্ৰুগড় পৰ্যন্ত বৃহৎ অঞ্চলত খহনীয়াৰ সৃষ্টি কৰি আহিছে । এই প্ৰকল্প সম্পূৰ্ণ হ’লে নামনিৰ অঞ্চলসমূহত খহনীয়াৰ প্ৰকোপ হ্ৰাস পাব বুলি আশা কৰা হৈছে । আজিৰ পৰিদৰ্শনকালত মন্ত্ৰী হাজৰীকাই এই কাম খৰতকীয়া আৰু গুণগত মান ৰাখি ভালদৰে কৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে । আনহাতে অসম অৰুণাচলৰ সীমান্তৱৰ্তী অমৰপুৰ অঞ্চলত এই প্ৰকল্পৰ পৰা যাতে কোনো সমস্যা নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়া অভিযন্তাক নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে অমৰপুৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগে ইতিমধ্যে প্ৰায় ২.৫ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে ।

মন্ত্ৰীগৰাকীক আজিৰ পৰিদৰ্শনকালত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াই সংগ দিয়ে ।

Leave A Reply

Your email address will not be published.