সমাগত নতুন বছৰ,নতুন দিনৰ সপোন-সম্ভাৱনাকলৈ এতিয়া সকলোৱে যেন আশাবাদী, আনন্দ অভিলাষী ৷ সেয়ে আগন্তুক নৱবৰ্ষক দুৰ্ঘটনামুক্ত অৰ্থাৎ ৩১ডিচেম্বৰত কোনো পথ-দুৰ্ঘটনাই যাতে কোনো পৰিয়াললৈক দুঃসম্বাদ কঢ়িয়াই নানে তাৰবাবে দিনে-নিশাই পথ-সুৰক্ষা সজাগতা গঢ়ি তোলাৰ বাবে অভিযানত নামিছে পৰিবহণ বিভাগ।কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত আজি নাৰেঙ্গী চাৰিআলিত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী সজাগতা অনুষ্ঠান। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস,যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ,কানাই মহন্ত, প্ৰৱৰ্তক পৰিদৰ্শক নিতু চেতিয়াকে ধৰি ট্ৰেফিক ইনচাৰ্জ, সাংবাদিক, গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত বছৰটোত অধিক পথ-দুৰ্ঘটনা সংঘটিত এই শীতকালৰ সময়চোৱাত অধিক সজাগ সচেতন হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনোৱা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে চৌদিশ কুৱলীয়ে আবৃত কৰি ৰখা শীতকালৰ এই সময়চোৱাত সকলোকে গাড়ীৰ গতিবেগ সীমিত কৰি ৰাখিবলৈ আহ্বান জনায়। যদিহে অতিকৈ প্ৰয়োজন নহয় তেন্তে শীতকালৰ নিশা যাত্ৰা বৰ্জন কৰিবলৈ কয়।কিয়নো বছৰটোৰ জহকালৰ সময়তকৈ শীতকালত ৪০ শতাংশতকৈয়ো অধিক পথ দুৰ্ঘটনা সংঘটিত হয় বুলি তথ্য সদৰি কৰি পথত সুৰক্ষিত যাতায়াতৰ বাবে একান্তই সজাগতাৰ গত্যন্ত নাই বুলি তেওঁ মন্তব্য কৰে।অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে নৱবৰ্ষৰ আনন্দৰ নামত কোনোৱে যাতে মদ্যপান কৰি আৰু অত্যধিক বেগত গাড়ী নচলায় তাৰবাবে সকলোকে সতৰ্ক কৰি দি সকলো সময়তে যানবাহন আইন মানি চলিবলৈ আহ্বান জনায়। মহানগৰীৰ গুৰুত্বপূৰ্ণ নাৰেঙ্গী চাৰিআলিত সমবেত অগণন ৰাইজৰ উপস্থিতিত অনুষ্ঠানটোত চন্দ্ৰশেখৰ দাসৰ ৰচনা-পৰিচালনাত “নেডফিমছ”ৰ শিল্পীসকলে বাটৰ নাট পৰিবেশন কৰি যানবাহন চলোৱাৰ সময়ত “পঞ্চসূত্ৰ”ৰ নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়।
Trending
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন