বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 266

১৮ বছৰীয়া চফল যৌৱনপ্ৰাপ্ত হ’ল বোকাখাতৰ পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ ৷ শুক্ৰবাৰে বোকাখাতৰ পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷
 
 
 
২০০২ চনতেই প্ৰতিষ্ঠা হোৱাৰে পৰাই অবিৰতভাৱে কাজিৰঙাৰ বন্যপ্ৰাণীক লালন পালন আৰু মৰম দি পুনৰ উদ্যানত মুকলি কৰি আহিছে কেন্দ্ৰটিৰ চিকিৎসক,কৰ্মচাৰী সকলে ৷ এই ১৮ বছৰত কেন্দ্ৰটোৱে বৰ্তমানলৈকে মুঠ ৬১৯৭ টা বন্য জন্তুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে ৬৪ শতাংশ বন্যপ্ৰাণীক পুনৰ বনত মুকলি কৰি দিবলৈ সক্ষম হৈছে ৷
 
 
আনহাতে অসমৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ উদ্দেশ্য লৈ গঠন কৰা কেন্দ্ৰটোৱে এতিয়া অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে ৷ বৰ্তমান বোকাখাতৰ পানবাৰীৰ মুখ্য কেন্দ্ৰটোৰ লগতে অসমত চাৰিখন জিলাত ইয়াৰ চাৰিটা উপকেন্দ্ৰ আছে ৷
 
 
কেন্দ্ৰটোৰ পৰিচালক ৰথিন বৰ্মণে ১৮ বছৰীয়া জন্মদিন পালন কৰি কাজিৰঙাৰ বন্যপ্ৰাণী সমূহক পুনৰ জীৱন দিবলৈ পাই সুখী বুলি বক্তব্য কৰে ৷ ৰাইজৰ সহযোগত অনাগত দিনবোৰত ইয়াতকৈ অধিক সক্ৰিয়ভাৱে কাম কৰি যোৱাৰ বাবে বদ্ধপৰিকৰ ৷ বৰ্তমান কেন্দ্ৰটোত সাতটা গঁড় পোৱালি, সাতটা হাতী পোৱালি, পাঁচটা বাঘ কেন্দ্ৰটোৰ পৰিচৰ্যাত আছে ৷
 
ক’ভিড ১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শুক্ৰবাৰে অনুষ্ঠুপীয়াকৈ আয়োজন কৰা বৰ্ষপূৰ্তি অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালকৰ লগতে কাজিৰঙাৰ শীৰ্ষ বিষয়া, সাংবাদিক আৰু প্ৰকৃতিপ্ৰেমী সংগঠনৰ লোক উপস্থিত থাকে ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই৷

Leave A Reply

Your email address will not be published.