বলিউদ পালেগৈ ভগা খিৰিকীয়ে

0 287

WhatsApp Image 2018-02-08 at 4.37.17 PM

অসমীয়া চলচ্ছিত্ৰ উদ্যোগৰ বাবে আশাৰ খবৰ কঢ়িয়াইছে মুম্বাইস্থিত চলচ্ছিত্ৰৰ এক কোম্পানীয়ে। উল্লেখ্য যে বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ নতুন ছবি “ভগা খিৰিকী” ( ব্ৰকেন উইণ্ড) প্ৰযোজনাৰ বাবে আগবাঢ়ি আহিছে মুম্বাইৰ চলচ্ছিত্ৰৰ এক কেম্পানীয়ে। এই ক্ষেত্ৰত অসম পৰ্যটন উন্নয়ন নিগমে যথেষ্ট সহায় আগবঢ়াইছে। আজি অসম পৰ্যটন উন্নয়ন নিগমত আয়োজন কৰা এক সংবাদ মেলত চলচ্ছিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই মন্তব্য কৰে যে গ্ৰাম্য পটভূমিত এটা সত্য ঘটনাৰ ওপৰত নিৰ্মাণ কৰা চলচ্ছিত্ৰ “ভগা খিৰিকী”ৰ দৃশ্য গ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে। ছবিখনৰ বেছিভাগ দৃশ্যগ্ৰহণ কাজিৰঙা, বোকাখাত, গুৱাহাটীত কৰা হৈছে।

WhatsApp Image 2018-02-08 at 4.37.17 PM

স্মৰ্তব্য যে এই ছবি প্ৰযোজনা কৰিছে বলিউদৰ অভিনেত্ৰী প্ৰিয়ঙ্কা চোপ্ৰাই। আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত ছবিখনৰ নাম ৰখা হৈছে ব্ৰকেন উইণ্ড। ইষ্টাৰলী এণ্টৰটেইনমেণ্টৰ বেনাৰত মুক্তি পাবলগীয়া ছবিখনৰ প্ৰযোজনাৰ লগত শ্বাহনাব আলম আৰু ড৹ মধু চোপ্ৰা জৰিত হৈ আছে। অভিনয় কৰিছে অভিনেত্ৰী জেৰিফা ৱাহিদ, বেণ্ডিত কুইন খ্যাত সীমা বিশ্বাস, জয় কশ্যাপ, বিষ্ঞু খাৰঘৰীয়া আৰু বহুতোৱে। জানিব পৰা মতে চলিত বৰ্ষৰ শেষৰ ভাগত “ভগা খিৰিকী”য়ে মুক্তি পাব।

Leave A Reply

Your email address will not be published.