বলিউড সুন্দৰী লাৰা দত্তই এইবাৰৰ লেকমে ফেশ্বন উইকত ডিজাইনাৰ সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হিচাপে খোজ দিব

0 215

মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত হোৱা ডিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমে ফেশ্বন উইকত তেখেতৰ নতুন সংগ্ৰহ ‘শুকুলা’ ২১ মাৰ্চত প্ৰদৰ্শন কৰে। ফেশ্বন তথা বলিউড সুন্দৰী লাৰা দত্তক সংযুক্তাৰ নতুন সংগ্ৰহৰ পৰিধানেৰে ৰেম্পত অতীব মোহনীয়া আৰু আকৰ্ষণীয় দেখা গৈছিল ।
সংযুক্তা দত্তই কয় লেকমে ফেশ্বন উইকত মোৰ নতুন সংগ্ৰহখিনি প্ৰদৰ্শন কৰি মই অতিকৈ উৎসাহিত তথা আনন্দিত। সকলো প্ৰতিষ্ঠিত তথা প্ৰখ্যাত ডিজাইনাৰ সকলৰ বাবে তেওঁলোকৰ সৃষ্টিৰাজি প্ৰদৰ্শন কৰাৰ বাবে লেকমে ফেশ্বন উইক এক উত্তম প্লেটফৰ্ম। তেখেত সকলৰ মাজত মোৰ সংগ্ৰহখিনি প্ৰদৰ্শন কৰিব পৰাটো মোৰ বাবে যেনেদৰে গৌৰৱৰ কাৰণ ঠিক তেনেদৰে এক প্ৰত্যাহবানো। তেখেতে লগতে কয় “লাৰা দত্তৰ সৈতে কাম কৰাটো এক আনন্দদায়ক অভিজ্ঞতা। মোৰ নতুন সংগ্ৰহ ‘শুকুলা’ অৰ্থাৎ উজ্জ্বল শুধ বগা যেন শান্তি আৰু পবিত্ৰতাৰ এক বাংময় প্ৰকাশ।”
“এই কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰাটো সচাঁকৈ অতি আনন্দদায়ক আৰু সংযুক্তাৰ ৰঙৰ খেল আৰু ধাৰণা বিৰল তথা অনন্য ।” সংযুক্তাৰ সংগ্ৰহৰ বিষয়ে লাৰা দত্তই কয়, “সংযুক্তাৰ এই সংগ্ৰহ ‘শুকুলা’ যেন সূঁতাৰে বোৱা এক কবিতা যত অলেখ কাহিনী গাঁথি থোৱা আছে। সেয়া যেন পবিত্ৰ শান্ত যদিও উজ্জ্বল এক প্ৰকাশ।”

Leave A Reply

Your email address will not be published.