বাঁহৰ সৰস্বতী প্ৰতিমাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে

0 216

সমাগত সৰস্বতী পূজা। চৌদিশে খনিকৰে মৃণ্ময় প্ৰতিমা গঢ়াৰ বাবে প্ৰস্তুতি চলাইছে  ।ঠিক সেই সময়তে বাঁহেৰে প্ৰস্তুত কৰা এক ব্যতিক্ৰম ধৰণৰ সৰস্বতী প্ৰতিমাই সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে ।ধুবুৰীৰ সঞ্জীৱ বসাক নামৰ এজন শিল্পীজনে বাঁহেৰে সৰস্বতী প্ৰতিমা প্ৰস্তুত কৰি উলিয়াইছে ।জানিব পৰা মতে প্ৰতিমাখন সৰস্বতী পূজাৰ দিনা ধুবুৰীৰ ফ্ৰীডম ক্লাৱত প্ৰদৰ্শিত হ’ব।দুমাহযোৰা প্ৰস্তুতিৰে নিৰ্মাণ কাৰ্য্য চলি থকা এই ব্যতিক্ৰম ধৰণৰ প্ৰতিমাখনৰ উচ্চতা১৫ফুট আৰু প্ৰস্থ ৯ফুট।প্ৰতিমাখন নিৰ্মাণত বাঁহ, পাটী আদিবোৰ ব্যৱহাৰ হৈছে ।এতিয়ালৈকে প্ৰায় ১০টা মান জাতি বাঁহ প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ হৈছে ।স্মতৰ্ব্য যে ইতিপূৰ্বেও সঞ্জীৱে দূৰ্গাপূজাৰ সময়ত জুঁইশলাৰ  কাঠিৰে দূৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছিল ।

Leave A Reply

Your email address will not be published.