দুৰ্নীতি বিৰোধী যুৱশক্তি,অসমে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৌ অসম মটৰ পৰিবহন সন্থাক জনাই যে আহিবলগীয়া ১ ছেপ্টেম্বৰ পৰা বাছ সমূহ চলাচলৰ লগে লগে ৫০ শতাংশ ভাড়া বৃদ্ধি কৰা যি কথা তেওঁলোকে ঘোষণা কৰি আহিছে এই কথা কোনো কাৰণতে অসমবাসী ৰাইজে এই ক’ভিড-১৯ পৰিস্থিতিৰ মাজত মানি ল’ব নোৱাৰে।গতিকে মটৰ পৰিবহন সন্থাই অনাগত ৬ মাহলৈকে যাতে কোনো ধৰণৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত নলয় তাৰ বাবে তেওঁলোকে আহ্বান জনায়।মনকৰিবলগীয়া যে ক’ভিড পৰিস্থিতিয়ে ৰাজ্যৰ সমগ্ৰ সাধাৰণ জনতাক জুৰুলা কৰি থৈ গৈছে।গতিকে এনে পৰিস্থিতিত কোনো কাৰণতে ৫০ শতাংশ ভাড়া বৃদ্ধি বিষয়টো গ্ৰহণযোগ্য নহয়।যদিহে মটৰ পৰিবহন সন্থাই তেওঁলোকৰ সিদ্ধান্তত অটল থাকে তেনেহলে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে বাহন সমূহ চলাচলত অনিৰ্দিষ্টকালীন ব্যাঘাত জন্মাব। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু পৰিবহন মন্ত্ৰীক মটৰ পৰিবহন সন্থাৰ লগতে আলাপ আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী