বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

0 226

ৰঙিয়া সমষ্টিৰ বিধায়ক তথা হাউছফেডৰ অধ্যক্ষ ভৱেশ কলিতাই আজি এইবাৰৰ বানত ক্ষতিগ্ৰস্ত শুক্লাই নদীৰ ওপৰৰ টেঙাঝাৰ-চেনীগাঁও সংযোগী কাঠৰ দলংখন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু অতি সোনকালে ৰাইজৰ যোগাযোগ ব্যৱস্থা সুচল কৰি তোলাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ লগতে প্ৰশাসনৰ বিষয়ববীয়াসকলক নির্দেশ দিয়ে। বিধায়কগৰাকীয়ে লগতে কাঠৰ দলংখনৰ কাষতে নির্মিয়মাণ অৱস্থাত থকা বৃহৎ পকী দলংখনৰ নিৰ্মাণ কাৰ্য নিয়োজিত ঠিকাদাৰগৰাকীয়ে লেহেমীয়া কৰা বুলি উত্থাপিত ৰাইজৰ অভিযোগ মর্মে তাৎক্ষণিকভাৱে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ ঠিকাদাৰগৰাকীক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰঙিয়া সমষ্টিৰ অন্তৰ্গত শুক্লাই নদীৰ ওপৰৰ এই কাঠৰ দলংখনৰ এটা অংশ শুক্লাই নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে। আজিৰ এই পৰিদৰ্শনকালত হাউছফেডৰ অধ্যক্ষগৰাকীয়ে শুক্লাই নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰা কাষৰীয়া অঞ্চলসমূহৰ ৰাইজৰো খা-খবৰ লয়।

এই পৰিদৰ্শনৰ সময়ত বিধায়কগৰাকীৰ লগত শুক্লাই-চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বি টি আৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰীৰ লগতে জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলো উপস্থিত আছিল।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.