বি টি আৰ বিজয়োৎসৱ।যোৱা ২৭ জানুৱাৰীত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ পৰিপ্ৰেক্ষিতত এই বিজয় উৎসৱ অনুষ্ঠিত কৰা হৈছে।কোকৰাঝাৰৰ জাংখ্ৰৃথাই খেলপথাৰত অনুষ্ঠিত বড়ো শান্তি চুক্তি উদযাপন অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰি কয় যে স্বাধীনতাৰ পাছত পাছত মই সৰ্ববৃহৎ সমাৱেশ দেখিলো।এই বড়ো শান্তি চুক্তিৰে এক নতুন দিগন্তৰ সূচনা হৈছে।এতিয়াৰে পৰা এই ভূমিত কোনো হিংসা নহয়।উত্তৰ পূৰ্বাঞ্চলত শান্তিৰ নতুন ধাৰা ঘূৰাই অনাটো এক ঐতিহাসিক ক্ষণ।এই চুক্তি অনুসৰি বি টি আৰৰ অধীনলৈ আহিব লগা অঞ্চলসমূহ নিৰ্ণয়ৰ বাবে সমিতি গঠন কৰা হ’ব।যাৰ জৰিয়তে অধিকাৰ,সংৰক্ষণ সকলো সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হ’ব।অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে তৰিৎ গতিৰে কাম কৰিব।এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।উল্লেখ্য যে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণৰ মাজতে বড়ো ভাষা কৈ আৰনাই আৰু দখনাৰ কথাও উল্লেখ কৰে।গোলাঘাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন প্ৰসঙ্গত অসমীয়া ভাষাতে গভীৰ প্ৰণিপাত জনাই অধিবেশন সফল হোৱাৰ কামনা কৰে মোডীয়ে।কা’ৰ সন্দৰ্ভত তেখেতে কয় কা’ৰ জৰিয়তে কোনো বিদেশী ভাৰতলৈ নাহে।কা’ক লৈ অসমবাসী শংকিত হোৱাৰ প্ৰয়োজন নাই।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম ৰত্ন ড০ ভূপেন হাজৰিকাক স্মৰণ কৰি এনেদৰে কয় ভূপেন হাজৰিকাৰে মোৰ অভিন্ন সম্পর্ক আছে,ভূপেন হাজৰিকা গুজৰাটৰ জোঁৱাই।লগতে তেওঁ কয় মা কামাখ্যাৰ আশীৰ্বাদে আমাক বিকাশৰ শীৰ্ষলৈ লৈ যাব।সকলো বিদ্ৰোহী সংগঠনকে মূল সূতিলৈ ঘূৰি অহাৰ আহ্বান জনাই মহাত্মা গান্ধী অমৰ ৰহে ধব্বনিৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণ সামৰে।এই বিজয় উৎসৱত ৰাজ্যপাল জগদীশ মুখী,মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল,বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা,বি টি চি প্রধান হাগ্ৰামা মহিলাৰী,এবছুৰ সভাপতি প্ৰমোদ বড়োকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা উপস্থিত থাকে।এই অনুষ্ঠানত শতাধিক বড়ো যুৱতীয়ে বাগৰুম্বা নৃত্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্বাগতম জনায়।
Trending
- সাহিত্য অকাডেমী বঁটা প্ৰাপক সুৰেন্দ্ৰ মোহন দাসক উষ্ম অভিনন্দন
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ