২০০৭ চনৰ কথা।প্ৰায় ১৩ বছৰ মালয়েছিয়ান কোম্পানীত কাম কৰি এজন যুৱক অসমলৈ আহিল।যুৱক জনৰ নাম কি জানেনে!তেখেতৰ নাম হ’ল টেনজিং বডোছা।ওদালগুৰি জিলাৰ চামৰাং ২ নং খৈৰানী গাঁৱৰ এই যুৱকজনে জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে।জানি সুখী হ’ব যে এই যুৱকজনে জৈৱিক পদ্ধতিৰে বৰ্তমানলৈকে ৩২ বিধ চাহৰ খেতি কৰিছে। তেখেতে কৰা চাহৰ বাগিছা সমূহ চাবলৈ দেশ বিদেশী বহুতো পৰ্যটক আহে।এন ই ফ’কাচ ডট কমৰ প্ৰতিনিধি গীতাঞ্জলি গগৈৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেখেতে জৈৱিক চাহ খেতি কৰাৰ সম্পৰ্কে এনেদৰে কয়- একাপ চাহেৰে আমাৰ দিনটো আৰম্ভ কৰো।আৰু এই চাহকাপ সম্পূর্ণ বিশুদ্ধ হোৱা উচিত।কিন্তু আমি সততে ব্যৱহাৰ কৰি থকা চাহৰ পেকেটবোৰ ৰাসায়নিক সাৰযুক্ত।যিবোৰ সেৱন কৰিলে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটে।তাৰে চিন্তাৰ আলমত মই এনেধৰণৰ জৈৱিক চাহ খেতি কৰাৰ কথা ভাবিলো।উল্লেখযোগ্য যে উদ্যমীজনে জৈৱিক চাহ খেতি কৰাৰ বাবে মাদাৰ টী ইণ্ডাষ্ট্ৰীত গৈ জৈৱিক চাহ প্ৰস্তুতকৰণৰ বাবে বিভিন্ন তথ্য আহৰণ কৰিছিল।বৰ্তমান তেখেতে প্ৰস্তুত কৰা চাহ জাৰ্মান,কানাডা,ইউ এছ এ,ফ্ৰাণ্স ধৰি ১৫ খন ঠাইলৈ পঠায়।সমান্তৰালকৈ তেখেতে ফল-মূলৰ বাগিছাও পাতিছে।য’ত আম,কঁঠাল,লিচু,মধুৰি খাবলৈ বিভিন্ন চৰাইৰ আগমন হয়।লগতে বাগিছালৈ বাঘ,হাতী,হৰিণ,মিথুন,বান্দৰৰ আগমনো ঘটে।তেখেতে পৰ্যটকৰ সুবিধাৰ্থে প্ৰাকৃতিক সৌন্দর্য্য উপভোগ কৰিবলৈ দুটা ট্ৰী হাউচ আৰু সৰুকৈ ৰেষ্টুৰেণ্ট সাজি উলিয়াইছে।উল্লেখ্য যে,বডোছাৰ এলিফেন্ট ফ্ৰেণ্ডলি টী ইক’ টুৰিজম এখন স্বীকৃতিপ্রাপ্ত জৈৱিক ফাৰ্ম।এই বাগিছাৰ জৰিয়তে ৪৫ জন ব্যক্তিৰ জীৱন জীৱিকাৰ পথো মুকলি হৈছে।আচলতে কেতিয়াও খেতিয়ক হ’ব নিবিচৰা টেনজিং বডোছা আজি চাহ খেতিয়ক হিচাপে অসমৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত।প্ৰকৃতিৰ প্ৰতি থকা আকুলতাৰ বাবেই এই কাম সম্ভৱপৰ হৈ উঠা বুলিও জানিবলৈ দিয়ে ।এনেধৰণৰ ইতিবাচক খবৰৰ বাবে চাবলৈ নাপাহৰিব এন ই ফ’কাচ ডট কমক।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা