বিদেশত সমাদৃত পাৰপোল ট্ৰিয়ে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে

0 295

অসমৰ চাহ উদ্যোগত নকৈ সংযোজিত হৈছে পাৰপোল ট্ৰিয়ে।অসমৰ কাৰ্বি আংলং জিলাৰ কেইখনমান চাহ বাগিচাৰ লগতে অৰুণাচল প্ৰদেশৰ পূব চিয়াংৰ ড’নী পলে চাহ বাগিচা পাৰপোল ট্ৰিৰ অৱস্থিতি উমান পোৱা গৈছে ।সচৰাচৰ পাৰপোল ট্ৰি কেনিয়াত পোৱা যায়।পাৰপোল ট্ৰিৰ বাবে কেনিয়াৰ এক নামো আছে।উল্লেখযোগ্য যে চাহ উৎপাদনৰ ক্ষেত্ৰত চীন আৰু ভাৰতৰ পিছতে কেনিয়াই তৃতীয় স্থান দখল কৰিছে ।অৱশ্যে কেনিয়াত উপলব্ধ পাৰপোল ট্ৰি মূলত অসমৰ বুলি বৈজ্ঞানিকে দাবী কৰিছে।যোৰহাটৰ টোকোলাই চাহ গৱেষণাস্থিত বৈজ্ঞানিক প্ৰদীপ বৰুৱাৰ এক গৱেষণাৰ পত্ৰত এই কথা প্ৰকাশ পাইছে।পাৰপোল ট্ৰিৰ প্ৰস্তুত প্ৰণালী গ্ৰীণ ট্ৰি দৰে।পাৰপোল ট্ৰি ঔষধিগুণসম্পন্ন হোৱাৰ লগতে কেঞ্চাৰ ৰোগ প্ৰতিৰোধক।ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ হাৰ্টৰ অসুখ, কলেষ্ট’ৰল নিৰাময়ত গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।দেখাত বেঙুনীয়া ৰঙৰ এই চাহ বিধৰ ব্যৱসায়িক চাহিদাও যথেষ্ট আছে।শেহতীয়াকৈ সন্ধান পোৱা পাৰপোল ট্ৰি উৎপাদনে চাহৰ অৰ্থনীতিত নিশ্চিতভাৱে বিশেষ প্ৰভাৱ পেলাব।

Leave A Reply

Your email address will not be published.