মূলধনৰ অভাৱত আজি অসমৰ শিক্ষিক যুৱক-যুৱতীয়ে ৰাজ্যৰ বাহিৰলৈ কৰ্মসংস্থাপন বিচাৰি যাবলগীয়া হোৱাতো দুৰ্ভাগ্যজনক । শিক্ষিত যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনহীনতাই মোক মনোকষ্ট দিয়ে, সেয়ে মোৰ যথাসাধ্য ব্যৱস্থাপনাৰে তেওঁলোকক স্বাৱলম্বী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছো । অসমৰ অসমীয়াৰ মাজত থকা কৰ্মক্ষমতা আমি কমিবলৈ দিব নোৱাৰো । আমাৰ ঠাইসমূহত থকা সম্পদসমূহক ব্যৱহাৰ কৰি নিজৰ ঠাইতে পশুপালন, মৎস্যপালন, দুগ্ধ উৎপাদন, কৃষিকাৰ্য বৈজ্ঞানিক ব্যৱস্থাৰে সম্পাদন কৰি নিজ নিজ ঠাইতে স্বাৱলম্বী হৈ নিজৰ পৰিয়ালৰ লগতে সমাজকো স্বাৱলম্বী কৰাত অৰিহণা যোগাব পাৰো । চৰকাৰী আঁচনিসমূহ প্ৰকৃতাৰ্থত সফল হ’বলৈ হ’লে ৰাইজৰ লগতে ৰূপায়ণকাৰী চৰকাৰী কাৰ্যালয়, চৰকাৰী বিষয়াসমূহো অধিক সক্ৰিয় হৈ কাম কৰাতো নিতান্তই আৱশ্যক । লগতে, আমাক প্ৰতিভাক বেংকে বিশ্বাসত ল’ব লাগিব । এই ভাষ্য শোণিতপুৰৰ চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ । আজি শোণিতপুৰৰ চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত বিধায়কগৰাকীৰ ব্যৱস্থাপনাত অনুষ্ঠিত সমষ্টিটোৰ চাৰিদুৱাৰ, গড়মৰা, ভালুকমাৰী আৰু লোক্ৰা গাঁও পঞ্চায়ত আদি চাৰিটাকৈ গাঁও পঞ্চায়তৰ প্ৰথম পৰ্যায়ত শিক্ষিত আজি প্ৰথম পৰ্যায়ত সমষ্টিটোৰ চাৰিটাকৈ গাঁও পঞ্চায়তৰ চাৰিশ শিক্ষিত যুৱক-যুৱতীক ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত স্বাৱলম্বীতাৰ লাভালাভৰ বিষয়ে জনায় । লগতে, তেওঁলোকক আঁচনিখনৰ অধীনত ১ লাখ আৰ্থিক সাহায্য বেংকৰ জৰিয়তে প্ৰদান কৰা হ’ব বুলিও জনায় । চতিয়া সমষ্টিত আঁচনিখনৰ অধীনত স্বাৱলম্বীতাৰ বাবে চৰকাৰে ২০ কোটি টকা আৰু চাৰিদুৱাৰ অঞ্চলৰ চাৰিটা পঞ্চায়ত বাবে সৰ্বমুঠ চাৰিকোটি টকা মঞ্জুৰী দিছে । শিক্ষিত যুৱক-যুৱতীৰ গোটসমূহৰ যোগেদি স্বাৱলম্বীতাৰ আঁচনি ৰূপায়ণ কৰা হ’ব । গোটৰ সদস্যসকলে লাভ কৰিব এক লাখ টকা । অনুষ্ঠানটোত উপস্থিত থাকি শোণিতপুৰৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰো উপস্হিত থাকে । অনুষ্ঠানটোত জিলা সহকাৰী আয়ুক্ত অৰ্পিত উপাধ্যায়,নাৱাৰ্ডৰ এ জি এম ডি কে দাস, লীড বেংকৰ বিষয়া, কৃষিবিজ্ঞান কেন্দ্ৰৰ বিষয়া, চাৰিদুৱাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালক ৰমেন শইকীয়া, বালিপৰা খণ্ড উন্নয়ন বিষয়া বিপুল বৰুৱা, চাৰিদুৱাৰৰ কৃষি সম্প্ৰসাৰণ বিষয়া ধীৰেণ শৰ্মা, সমাজকৰ্মী অৰুণ ভূঞা , চাৰিদুৱাৰ জিলা পৰিষদ সদস্য কৃষ্ণ কোঁচ, গড়মৰা গাঁও পঞ্চায়তৰ সভাপতি চহন প্ৰদান, ৰাইজ, গাঁও পঞ্চায়তৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে ।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai