বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰাথমিক পৰ্যায়ত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ৱাকাথন অনুষ্ঠান উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, কেন্দ্ৰীয় সুৰক্ষা বলৰ মুখ্য কমাণ্ডেন্ট লালমোহন ঠাকুৰ, বি.চি.এ.এচৰ ক্ষেত্ৰীয় নিৰ্দেশক সমানন্দ সিংকে ধৰি বিমানকোঠৰ বিভিন্ন বিভাগত কৰ্মৰত সমূহ কৰ্মচাৰী উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি পুৱা ৬.৩০ বজাত বিমানকোঠৰ প্ৰাংগনৰ পৰা হাতত জাতীয় পতকা লৈ প্ৰায় দুই কিলোমিটাৰ দূৰত্বলৈ পদযাত্ৰা কৰা হয়। এই পদযাত্ৰাৰ উদেশ্য বাখ্যা কৰি মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় যে ” কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত, ‘ঘৰে-ঘৰে তিৰংগা’ শীৰ্ষক বাৰ্তাক বাস্তৱাবিত কৰাৰ মানসৰে, বিমানকোঠৰ সমূহ সদস্যই ভাগ লৈছে আৰু আগন্তক স্বাধীনতা দিৱস উপলক্ষে, ৱাকাথনৰ পদযাত্ৰাৰ জড়িয়তে সকলোকে ঘৰে-ঘৰে তিৰংগা উৰোৱাবলৈ আমি সজগতা সৃষ্টিৰ বাবে আজি এই পদক্ষেপ হাতত লৈছোঁ। লগতে কেন্দ্ৰীয় সুৰক্ষা বলৰ মুখ্য কমাণ্ডেন্ট লালমোহন ঠাকুৰে কয় যে ” যোৱা বছৰৰ পৰা দেশত পালন কৰি অহা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আগন্তক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা ‘হৰ ঘৰ ম্যে তীৰংগা’ শীৰ্ষক শ্ল’গানৰ দ্বাৰা প্ৰত্যেক ব্যক্তিৰ হৃদয়ত দেশপ্ৰেম জগাই তোলাৰ বাবেই ৱাকাথনৰ আয়োজন কৰা হৈছে।
Trending
- এন ই ফ’কাছৰ পদক্ষেপ, গুৱাহাটীত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় সন্মিলন
- DoHUA Minister Jayanta Mallabaruah Launches Online Building Permission System (OBPS) for Faster and Transparent Approvals
- সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- Nefocus initiative:climate change summit Held in Guwahati
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা
- Assam CM meets Prime Minister; thanks PM for a new urea plant
- খানাপাৰাত ‘এডভান্টেজ অসম’ৰ প্ৰস্তুতিৰ বুজ ললে উদ্যোগ মন্ত্ৰী বিমল বড়াই