বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত নিজৰ হেৰুৱা মূল্যবান এপল লেপটপ আৰু আই ফোন ঘূৰাই পোৱাৰ আনন্দত আত্মহাৰা হৈ পৰিছে এজন যাত্ৰী। উল্লেখযোগ্য যে যোৱা সপ্তাহত এজন যাত্ৰীয়ে অজানিতে তেওঁৰ এপল লেপটপ আৰু আই ফোনটো পাৰ্কিং স্থানত ট্ৰ’লীৰ ওপৰতে এৰি থৈ যায়। দৈৱক্ৰমে সেই সময়ত পাৰ্কিং স্থানৰ ডিউটিত থকা কৰ্মচাৰীয়ে লেপটপটো বিমানকোঠৰ’ হেৰোৱা আৰু পোৱা’ বিভাগত জমা দিয়ে। পিছদিনা যাত্ৰীজনে আহি তেওঁৰ নিজৰ বস্তু জিন্মাত লয়। জিন্মাত লৈ তেওঁ মন্তব্য কৰে এই মূহুৰ্তটো মোৰ বাবে অতি আনন্দদায়ক! মই ভাবিছিলোঁ মোৰ মৰমৰ লেপটপটো আৰু আই ফোনটো ভৱিষ্যতে কেতিয়াও ঘূৰাই নাপাম। বিমানকোঠৰ নিৰাপত্তা ৰক্ষী সকলক বহুত বহুত ধন্যবাদ। আজি গৰ্ব কৰি মই ক’ব পাৰো যে আমাৰ গুৱাহাটী বিমানকোঠ সকলোৰে বাবে অতি নিৰাপদ। তাৰোপৰি, এই সপ্তাহত যাত্ৰীসকলে বিমানকোঠত এৰি থৈ যোৱা দুটাতকৈও বেছি লেপটপ, মোবাইল ফোন, কেইবাটাও লাগেজ বেগ আৰু বিভিন্ন প্ৰকাৰৰ বহুমূলীয়া সামগ্ৰী ইতিমধ্যে যাত্ৰী সকলক ঘূৰাই দিয়া হৈছে। বিমানকোঠ কতৃপক্ষই এইসকল নিঃস্বাৰ্থবান কৰ্মচাৰী ক্ৰমে, ৰাহুল কুলী, আজিমুদ্দীন খান, মানৱ বড়ো আৰু সিমান্ত দাসৰ উৎকৃষ্টতম সহযোগীতাৰ বাবে প্ৰশংসা কৰে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা