বিশিষ্ট চাহ উদ্যোগপতি তথা সমাজকৰ্মী কমল জালান নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ ২০২১ – ২৩ বৰ্ষৰ কাৰ্যকালৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। আজি নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছনৰ গোলাঘাটস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সভাৰ অন্তত কমল জালানক অধ্যক্ষ আৰু অজয় ধান্দাৰিয়াক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। উল্লেখ্য যে যোৰহাটস্থিত চাহ উদ্যোগপতি কমল জালান শ্যাম টি প্ৰডাক্টছ,শ্যাম উদ্যোগ আৰু গড়াজান চাহ বাগিচাৰ অন্যতম সহযোগী। চাহ উদ্যোগৰ সৈতে জড়িত হোৱাৰ উপৰিও কমল জালান বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আৰু তেখেতে বহু সংখ্যক বিনামূলীয়া চেনিটেৰী পেড বিতৰণ কৰাৰ বাবে তেখেতক অসমৰ পেডমেন বুলিও কোৱা হয়।তেখেতে মঘাই ওজা আৰু হীৰেণ ভট্টাচাৰ্যৰ প্ৰতিমূৰ্ত্তি দান কৰি নিজৰ সাংস্কৃতিক মনৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে তেখেতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু মণিৰাম দেৱানৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ চিন্তা কৰিছে। আনহাতে আজিৰ সভাত নেটাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা অজয় ধান্দাৰিয়া গোলাঘাটৰ বাসিন্দা আৰু কাৰ্বি আংলং স্থিত পৰমেশ্বৰী চাহ কোম্পানীৰ স্বত্বাধিকাৰী। অধ্যক্ষ কমল জালানৰ দৰে উপাধ্যক্ষ অজয় ধান্দাৰিয়াও বিভিন্ন সামাজিক কামকাজৰ সৈতে জড়িত। স্মৰ্তব্য যে ১৯৮১ চনতে চাহ উৎপাদনকাৰী সকলৰ এক সংস্থা হিচাপে জন্ম লাভ কৰা নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ সম্প্ৰতি পৰিসৰ বৃদ্ধি পাই অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ মুঠ ১৬৩ চাহ বাগিচা আৰু বটলীফ ফেক্টৰী সদস্য হিচাপে আছে আৰু সকলোৰে মিলি বাৰ্ষিক ১০২ মিলিয়ন কিল’গ্ৰাম চাহ উৎপাদন হয়।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা