বিশ্বনাথত অমৃত বৃক্ষ আন্দোলন আৰু অমৃত কলহ যাত্ৰাৰ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 151

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বিশ্বনাথ চাৰিআলিত আয়োজিত এক বিশেষ অনুষ্ঠানত বিশ্বনাথক পুনৰ পূৰ্ণাংগ জিলা হিচাবে আনুস্থানিকভাৱে উদ্ধোধন কৰে । বিশ্বনাথৰ তিনিওটা বিধানসভা সমষ্টি বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিধায়কসকল ক্ৰমে প্ৰমোদ বৰঠাকুৰ, ৰঞ্জিত দত্ত আৰু উৎপল বৰাৰ উপস্থিতিত জিলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰিবলৈ উদ্যোগ লোৱাত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ স্বাৰ্থত বিশ্বনাথ জিলাখনক সাময়িকভাৱে শোণিতপুৰ জিলাৰ সৈতে সংলগ্ন কৰা হৈছিল । কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়াই ঘোষণা কৰিছিল যে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে বিশ্বনাথে পুনৰ জিলাৰ মৰ্যাদা ঘূৰাই পাব । জিলাৰ মৰ্যাদা সাময়িকভাৱে আঁতৰিলেও বিশ্বনাথৰ পৰা বিভাগীয় জিলা কাৰ্যালয়সমূহ স্থানান্তৰিত কৰা হোৱা নাছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়েই আজি বিশ্বনাথে পুনৰ জিলাৰ মৰ্যাদা ঘূৰাই পালে । বিশ্বনাথে পুনৰ জিলাৰ মৰ্যাদা ঘূৰাই পোৱাৰ ক্ষণত জিলাখনত এনেদৰে উপস্থিত থকা মূহূৰ্তটো মন্ত্ৰীগৰাকীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব বুলিও তেওঁ উল্লেখ কৰে ।

আনহাতে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ জড়িয়তে অসমৰ খিলঞ্জিয়া মানুহৰ ৰাজনৈতিক অধিকাৰ অনাগত ৪০ বছৰ পৰ্যন্ত সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগক মন্ত্ৰীগৰাকীয়ে আজি ভাষণ প্ৰসংগত কৃতজ্ঞতা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত বৰ্তমান অসমত উন্নয়নৰ এক নতুন যাত্ৰা আৰম্ভ হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে কৃষি, ৰাষ্ট্ৰা পদূলি, আন্ত:গাঁথনিকে ধৰি অসমৰ সামগ্ৰিক উন্নয়নে আজি প্ৰাণ পাই উঠিছে । এসময়ত হত্যা-হিংসাত জৰ্জৰিত হৈ থকা ৰাজ্যখনে এতিয়া উন্নয়নৰ নতুন দিগন্তলৈ বাট বুলিছে বুলিও ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

আজিৰ অনুষ্ঠানতে দেশজুৰি আৰম্ভ হোৱা ‘মোৰ দেশ মোৰ মাটি’ৰ অধীনৰ অমৃত কলহ যাত্ৰাৰ বিশ্বনাথ জিলাৰ কাৰ্যসূচীৰো আৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণা আৰু আন্তৰিক আগ্ৰহত সমগ্ৰ দেশৰ মাটি সংগ্ৰহ কৰি নতুন দিল্লীত অমৃত উদ্যান নিৰ্মাণৰ যি পৰিকল্পনা সেয়া স্বাধীন ভাৰতৰ ৭৫ বছৰীয়া ইতিহাসৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাম বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । উল্লেখ্য যে আজিৰ অনুষ্ঠানৰ পূৰ্বে জিলাখনত অনুষ্ঠিত হৈ থকা অমৃত বৃক্ষ আন্দোলনৰ অধীনত বৃক্ষৰোপন কাৰ্যসূচীতো মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে।

পাছত বিধায়ককেইজনৰ লগত মন্ত্ৰী হাজৰীকাই বিশ্বনাথৰ মধুপূৰ বৰ নামঘৰত উপস্থিত হৈ ভকত-বৈষ্ণৱৰ আশীষ গ্ৰহণ কৰে । অসমীয়া পৱিত্ৰ ভাদ মাহৰ উপলক্ষৰ লগতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষেও মন্ত্ৰীগৰাকীয়ে ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.