বিশ্ব গঁড় দিৱসৰ বিশেষ

0 269

আজি বিশ্ব গঁড় দিৱস।সমগ্ৰ বিশ্বতে গঁড়ৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ কৰা উদ্দেশ্যেৰে এই বিশ্ব গঁড় দিৱস উদযাপন কৰা হয়।
 
২০১০ চনৰ world wildlife fund South Africa ২২ছেপ্টেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাপে ঘোষণা কৰে।বিশ্বত ৫ টা বিভিন্ন প্ৰজাতিৰ গঁড় পোৱা যায়।সেই প্ৰজাতিৰ সমুহ হ’ল Javan Rhinos, Sumatran Rhinos, Black Rhinos, White Rhinos, Greater One- Horned Rhinos.
 
ইয়াৰ ভিতৰত অসমত পোৱা এশিঙীয়া গঁড় পৃথিৱীৰ ভিতৰতে প্ৰায় বিৰল ।অসমত পূৰ্বতকৈ কিছু হ’লেও গঁড় নিধন যজ্ঞ হ্ৰাস পাইছে। বিশেষকৈ চৰকাৰেও চোৰাংচিকাৰীক দমন কৰিবলৈ তৎপৰ হৈ পৰিছে । আটাইতকৈ গুৰুত্বপূৰ্ণ  কথা হ’ল এয়ে যে একাংশ পূৰ্বৰ চোৰাংচিকাৰীয়েও  গঁড় সুৰক্ষা লগতো বৰ্তমান জড়িত হৈ পৰিছে।
 
অসমৰ কাজিৰঙা আৰু পবিতৰাত গঁড় আছে। গঁড়  যিমানেই দেখাত শান্ত, সৈম্য সিমানেই মূল্যৱানো। আহক গঁড়ক সুৰক্ষা দিও,অসম গৌৰৱক জীয়াই ৰাখো।

Leave A Reply

Your email address will not be published.