বিশ্ব বিনিয়োগ সন্মিলনত প্ৰাধান্য পোৱা কিছু দিশ

0 234

IMG-20180127-WA0037

দক্ষিন পূব এচিয়াৰ দেশ সমূহৰ সৈতে ভাৰতৰ যোগাযোগৰ মূল পথ হিচাপে অসমক তুলি ধৰাৰ উদ্দেশ্যে পোন প্ৰথমবাৰৰ বাবে আয়োজিত হ’ব বিশ্ব বিনিয়োগ কাৰীৰ এখন সন্মিলন। অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত সৰুসজাঁই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা সন্মিলন খনৰ সম্পৰ্কত আজি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেল অনুষ্ঠিত কৰে। খানাপাৰা ষ্টাফ কলেজত অনুষ্ঠিত কৰা সংবাদমেল খনত সন্মিলন খনৰ সম্পৰ্কত এনেদৰে কয় সন্মিলনখনত ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় বিনিয়োগকাৰী সকলে অংশগ্ৰহণ কৰিব।

IMG-20180127-WA0042

ইতিমধ্যে বৰাক উপত্যকাত নদী খনন কাৰ্য্য আৰম্ভ হৈছে। অহা জুলাই মাহত নদী খনন প্ৰক্ৰিয়া সমাপ্ত হ’ব। আমিনগাঁওৰ পৰা টিহুলৈ Industrial Corridor গঠন কৰা হ’ব। ইয়াৰ উপৰিও চৰকাৰী ভূমিক লৈ গঠন হোৱা লেণ্ডবেংক আৰু গুৱাহাটীৰ দাঁতিকাষৰীয়া এলেকাক চৰকাৰে Industrial Zone ঘোষণা কৰিছে। নুমলীগড় তেল শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰা হ’ব। ইয়াৰ উপৰিও বগীবিল, নিমাতিঘাট, শিলঘাট, কমলাবাৰী, পাণ্ডু, ধুবুৰী, শিলচৰ, কৰিমগঞ্জক Port Township হিচাপে গঢ় দিয়া হ’ব। উল্লেখযোগ্য চলচ্চিত্ৰ পৰিচালক সুভাষ ঘায়ে যে দক্ষতা বিকাশ বিভাগৰ লগত সন্মিলনখনতে MOU চুক্তিত স্বাক্ষৰিত হ’ব।  সৰ্বমুঠ ৩২কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ’ব লগা সন্মিলন খনত ৰতন টাটা, মুকেশ আম্বানি, সুভাষ ঘাই, আনন্দ বাৰ্মন আদি কৰি বৃহৎ উদ্যোগপতি সকলে অংশগ্ৰহণ কৰিব। সংবাদ মেলখনত  মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে কামৰূপৰ পছৰীয়াত বনোৱা ইমামীৰ প্ৰডাক্ট সমগ্ৰ দেশতে উপলব্ধ হ’ব। সন্মিলনখনত  সৰ্বমুঠ ১২টা ক্ষেত্ৰত প্ৰাধান্য দিয়া হ’ব।

IMG-20180127-WA0041

তাৰ ভিতৰত কৃষি, খাদ্য প্ৰস্তুতকৰণ, হস্তশিল্প, হস্তকলা, পৰ্যটন, চিকিৎসা, প্ৰাকৃতিক গেছ আৰু ষ্টাৰ্ট আপ অন্যতম।  জানিব পৰা মতে  জাপান, বাংলাদেশ কম্বোডিয়াৰ ৰাষ্ট্ৰদূত সকলে সন্মিলন খনত অংশগ্ৰহণ কৰিব। সংবাদ মেলখনত আয়ুক্ত সচিব আশোতোষ অগ্নিহোত্ৰী আৰু আনন্দ প্ৰকাশ তিৱাৰী উপস্থিত থাকে। সংবাদমেল খনৰ পিছতে সাংবাদিকৰ এটা দলক বিনিয়োগ সন্মিলন অনুষ্ঠিত হ’বলগা ক্ষেত্ৰ সমূহ পৰিদৰ্শন কৰায়। উল্লেখযোগ্য যে ৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনখনত অংশগ্ৰহণ কৰিব। উত্তৰ পূবত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লগা সন্মিলনে বহু নিবনুৱা সমস্যা দুৰীভূত কৰিব বুলি আশা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.