বিহাৰত পূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতা-দ্বিতীয় দিনাও অসমৰ সুন্দৰ প্ৰদৰ্শন

0 166

বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত চলি থকা পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসম দলে দ্বিতীয় দিনাও সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে।আজি অসমে লাভ কৰিছে ৩ টা সোণ, ১টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক সহিতে সৰ্বমুঠ ২৬টা পদক লাভ কৰিছে। আজি পদক বিজয়ী খেলুৱৈসকল ক্ৰমে সোণৰ পদক অপ্সৰা সোনাৰ(৩০০০মিটাৰ ৰেচ ৱাক),কপিল লাহন (ডিচকাছ),ধৃতিমা উজীৰ(৬০০মিটাৰ),ৰূপৰ পদক
ৰিমঝিম শইকীয়া(৩০০মিটাৰ দৌৰ) আৰু ব্ৰঞ্জৰ পদক আস্থাজিত কোঁৱৰ( ১১০মিটাৰ হাৰ্ডলছ),ডেনিম বৰুৱা(হাইজাম্প),জেকী কবিৰ(৬০০মিটাৰ দৌৰ),মুন্না কুমাৰ ব্ৰহ্ম(৪০০মিটাৰ দৌৰ) আৰু মহিলাৰ ২০বছৰ অনুৰ্ধ্ব শাখাত ৪×১০০মিটাৰ ৰীলে দৌৰত অসম দলে লাভ কৰে ব্ৰঞ্জৰ পদক(মেৰিনা কো‌ঁৱৰ,ডিম্পী মেধি প্ৰতিক্ষা বৰুৱা আৰু সংঘামিত্ৰা পল)।বিহাৰৰ পৰা এই তথ্য জনাইছে অসম দলৰ মেনেজাৰ জেহৰুল ইছলামে।

Leave A Reply

Your email address will not be published.