বিহুক লৈ যাতে ৰঙালী বিহৰ সাত দিনত বিহু পৰ্যটনৰ এক ধাৰণা গঢ় দিব পৰা যায় এই উদ্দেশ্য আগত ৰাখিয়েই ডিব্ৰুগড় জিলাৰ টিংখঙত দুদিনীয়াকৈ ১১ আৰু ১২এপ্ৰিলত *ৰঙালী উৎসৱ ২২* নামেৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্দ্যোগত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে-ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই আজি দিছপুৰত অনুষ্ঠিত এক সংবাদ মেলত এই কথা অৱগত কৰে৷ টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিতব্য এই ৰঙালী উৎসৱত ১১এপ্ৰিলত অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই প্ৰদৰ্শনীৰ বিপণী আনুষ্ঠানিকভাবে উন্মোচন কৰিব বুলি উল্লেখ কৰি মন্ত্রী বড়াই এই অনুষ্ঠানত অসমৰ সত্ৰীয়া পৰম্পৰাৰ এক বৈভৱ মুখা শিল্প আৰু চিত্র কলাৰ কৰ্মশালা, থলুৱা খেল ধেমালি, বিহু বিষয়ক কুইজ প্ৰতিযোগিতাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ তৰফৰ পৰা লোক আৰু সত্ৰীয়া পৰম্পৰাৰ নৃত্য পৰিৱেশন কৰিব বুলিও জানিবলৈ দিয়ে| অনুষ্ঠানৰ দ্বিতীয়দিনা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি টিংখঙত অনুষ্ঠিত বিহু কৰ্মশালাত অংশগ্রহণ কৰা পাচ হেজাৰ বিভিন্ন বয়সৰ ঢুলীয়া-নাচনীয়ে বিহু নাচ পৰিৱেশন কৰিব। এই অনুষ্ঠানত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্রী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ মন্ত্রী বিমল বড়া উপস্হিত থাকিব। সিদিনাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ, অংগৰাগ মহন্ত, প্ৰিয়ংকা ভড়ালী, নিল আকাশ, সীমান্ত শেখৰ আদি শিল্পীৰ সংগীতানুষ্ঠানৰ লগতে বৰপেটাৰ আটচ বাজি প্ৰদৰ্শন কৰা হ’ব বুলিও মন্ত্রী গৰাকীয়ে সংবাদ মেলত জনায়।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing