বিহুক লৈ যাতে ৰঙালী বিহৰ সাত দিনত বিহু পৰ্যটনৰ এক ধাৰণা গঢ় দিব পৰা যায় এই উদ্দেশ্য আগত ৰাখিয়েই ডিব্ৰুগড় জিলাৰ টিংখঙত দুদিনীয়াকৈ ১১ আৰু ১২এপ্ৰিলত *ৰঙালী উৎসৱ ২২* নামেৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্দ্যোগত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে-ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই আজি দিছপুৰত অনুষ্ঠিত এক সংবাদ মেলত এই কথা অৱগত কৰে৷ টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিতব্য এই ৰঙালী উৎসৱত ১১এপ্ৰিলত অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই প্ৰদৰ্শনীৰ বিপণী আনুষ্ঠানিকভাবে উন্মোচন কৰিব বুলি উল্লেখ কৰি মন্ত্রী বড়াই এই অনুষ্ঠানত অসমৰ সত্ৰীয়া পৰম্পৰাৰ এক বৈভৱ মুখা শিল্প আৰু চিত্র কলাৰ কৰ্মশালা, থলুৱা খেল ধেমালি, বিহু বিষয়ক কুইজ প্ৰতিযোগিতাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ তৰফৰ পৰা লোক আৰু সত্ৰীয়া পৰম্পৰাৰ নৃত্য পৰিৱেশন কৰিব বুলিও জানিবলৈ দিয়ে| অনুষ্ঠানৰ দ্বিতীয়দিনা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি টিংখঙত অনুষ্ঠিত বিহু কৰ্মশালাত অংশগ্রহণ কৰা পাচ হেজাৰ বিভিন্ন বয়সৰ ঢুলীয়া-নাচনীয়ে বিহু নাচ পৰিৱেশন কৰিব। এই অনুষ্ঠানত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্রী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ মন্ত্রী বিমল বড়া উপস্হিত থাকিব। সিদিনাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ, অংগৰাগ মহন্ত, প্ৰিয়ংকা ভড়ালী, নিল আকাশ, সীমান্ত শেখৰ আদি শিল্পীৰ সংগীতানুষ্ঠানৰ লগতে বৰপেটাৰ আটচ বাজি প্ৰদৰ্শন কৰা হ’ব বুলিও মন্ত্রী গৰাকীয়ে সংবাদ মেলত জনায়।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে