ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত ৰক্ষী বাহিনী চমুকৈ বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবঙ্গৰ মুঠ ৫০৯ কিঃমিঃ বাংলাদেশৰ সীমান্তৰ পহৰা কাৰ্যত নিয়োজিত হৈ আছে। চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ যোৱা ১১ টা মাহত বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩ টা চেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৮,৬৭৮ টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে । একে সময়তে ৪১,৮৭৬ টা বটল ফেন্সিডাইল, ৫০২৩ কেজি ভাং, ৪৩,৭১৯ টা য়াবা টেবলেট, ৫.১৩ লাখ টকাৰ নকল ভাৰতীয় টকা জব্দ কৰিবলৈ সক্ষম হৈছে। আনহাতে অভিযানত বি.এছ এফে সীমান্তত ১৩৯ জন ভাৰতীয় আৰু ৮২ জন বাংলাদেশী চোৰাং কাৰবাৰী-সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।এই তথ্য সদৰি কৰিছে বাহিনীটোৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে। পহিলা ডিচেম্বৰত বি.এছ. এফৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰা তেওঁলোকৰ বাৰ্ষিক পৰ্যালোচনামূলক প্ৰতিবেদনত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে সদৰি কৰিছে এই তথ্য। প্ৰতিবেদনৰ তথ্য অনুসৰি বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবঙ্গৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩ টা চেক্টৰৰ অধীনত ১১ টা বেটেলিয়ান নিয়োজিত হৈ আছে। বৰ্তমান ১৪৫ টা বৰ্ডাৰ আউট পোষ্টৰ জৰিয়তে বি. এছ.এফে পহৰা দি আহিছে আৰু ইয়াৰে ধুবুৰী চেক্টৰত প্ৰায় ৯১ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাটাতাৰৰ বেৰ বা ফেনসিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে। ১১ টা মাহত যিখিনী চোৰাং সামগ্ৰী বি.এছ.এফে সীমান্তত উদ্ধাৰ কৰিছে তাৰ মূল্য ১১.৭২ কৌটি টকাতকৈ অধিক। একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি. এছ.এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, চাফাই অভিযান, গছপুলি ৰোপণ, কৃষক ৰাইজৰ মাজত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ, বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ কৰি আহিছে। তেনেদৰে সীমান্তৰ সীপাৰৰ পৰা যাতে ভাৰতলৈ কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ (বি. জি.বি) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে। আনহাতে ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত ২৫,০০০ জন বিষয়া-জোঁৱানক লৈ ২৫ টা বেটেলিয়ানৰে গঠন কৰা বি. এছ.এফৰ বৰ্তমান বেটেলিয়ানৰ সংখ্যা হল ১৯৩ টা আৰু মানৱ সম্পদৰ সংখ্যা ২.৬৫ লাখতকৈ অধিক বি. এছ.এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে আৰু প্ৰত্যাহ্বান যিমানেই কঠিন নহওঁক কিয় তাক মোকাবিলা কৰি আহিছে বুলি বাহিনীটোৰ কাৰ্যালয় সূত্ৰই সদৰি কৰিছে। ইয়াৰ পূৰ্বে বিগত ২০২১ বৰ্ষৰ ১১ টা মাহত গুৱাহাটী ফ্ৰণ্টিয়াৰে জব্দ কৰা চোৰাং সামগ্ৰীৰ পৰিমাণ আছিল এনে ধৰণৰ – গৰু ৭,৮২০ টা, ফেন্সিডাইলৰ বটল ২৫,৬০০ টা, ভাং ২,৯৩৬ কেজি, য়াবা টেবলেট ৪৮,৩৯৮ টা আৰু ৩.৯৮ লাখ টকাৰ নকল ভাৰতীয় নোট। তেনেদৰে ১২৪ জন ভাৰতীয় আৰু ১১০ জন বাংলাদেশী চোৰাং কাৰবাৰীক আটক কৰা হৈছিল। আনহাতে প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক কমলজিৎ সিং বনিয়ালে বাহিনীটোৰ বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিশা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচী আৰু বৰাখানাত মহা পৰিদৰ্শক বনিয়ালৰ উপৰিও উপ মহা পৰিদৰ্শক আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ ৰাম চৰণ সিঙকে ধৰি উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে। সাংস্কৃতিক অনুষ্ঠানত কেবাজনো বিষয়া-জোৱানে সংগীত, নৃত্য আৰু দেশপ্ৰেমমূলক অনুষ্ঠান পৰিবেশন কৰে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing