ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত ৰক্ষী বাহিনী চমুকৈ বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবঙ্গৰ মুঠ ৫০৯ কিঃমিঃ বাংলাদেশৰ সীমান্তৰ পহৰা কাৰ্যত নিয়োজিত হৈ আছে। চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ যোৱা ১১ টা মাহত বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩ টা চেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৮,৬৭৮ টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে । একে সময়তে ৪১,৮৭৬ টা বটল ফেন্সিডাইল, ৫০২৩ কেজি ভাং, ৪৩,৭১৯ টা য়াবা টেবলেট, ৫.১৩ লাখ টকাৰ নকল ভাৰতীয় টকা জব্দ কৰিবলৈ সক্ষম হৈছে। আনহাতে অভিযানত বি.এছ এফে সীমান্তত ১৩৯ জন ভাৰতীয় আৰু ৮২ জন বাংলাদেশী চোৰাং কাৰবাৰী-সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।এই তথ্য সদৰি কৰিছে বাহিনীটোৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে। পহিলা ডিচেম্বৰত বি.এছ. এফৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰা তেওঁলোকৰ বাৰ্ষিক পৰ্যালোচনামূলক প্ৰতিবেদনত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে সদৰি কৰিছে এই তথ্য। প্ৰতিবেদনৰ তথ্য অনুসৰি বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবঙ্গৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩ টা চেক্টৰৰ অধীনত ১১ টা বেটেলিয়ান নিয়োজিত হৈ আছে। বৰ্তমান ১৪৫ টা বৰ্ডাৰ আউট পোষ্টৰ জৰিয়তে বি. এছ.এফে পহৰা দি আহিছে আৰু ইয়াৰে ধুবুৰী চেক্টৰত প্ৰায় ৯১ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাটাতাৰৰ বেৰ বা ফেনসিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে। ১১ টা মাহত যিখিনী চোৰাং সামগ্ৰী বি.এছ.এফে সীমান্তত উদ্ধাৰ কৰিছে তাৰ মূল্য ১১.৭২ কৌটি টকাতকৈ অধিক। একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি. এছ.এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, চাফাই অভিযান, গছপুলি ৰোপণ, কৃষক ৰাইজৰ মাজত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ, বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ কৰি আহিছে। তেনেদৰে সীমান্তৰ সীপাৰৰ পৰা যাতে ভাৰতলৈ কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ (বি. জি.বি) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে। আনহাতে ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত ২৫,০০০ জন বিষয়া-জোঁৱানক লৈ ২৫ টা বেটেলিয়ানৰে গঠন কৰা বি. এছ.এফৰ বৰ্তমান বেটেলিয়ানৰ সংখ্যা হল ১৯৩ টা আৰু মানৱ সম্পদৰ সংখ্যা ২.৬৫ লাখতকৈ অধিক বি. এছ.এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে আৰু প্ৰত্যাহ্বান যিমানেই কঠিন নহওঁক কিয় তাক মোকাবিলা কৰি আহিছে বুলি বাহিনীটোৰ কাৰ্যালয় সূত্ৰই সদৰি কৰিছে। ইয়াৰ পূৰ্বে বিগত ২০২১ বৰ্ষৰ ১১ টা মাহত গুৱাহাটী ফ্ৰণ্টিয়াৰে জব্দ কৰা চোৰাং সামগ্ৰীৰ পৰিমাণ আছিল এনে ধৰণৰ – গৰু ৭,৮২০ টা, ফেন্সিডাইলৰ বটল ২৫,৬০০ টা, ভাং ২,৯৩৬ কেজি, য়াবা টেবলেট ৪৮,৩৯৮ টা আৰু ৩.৯৮ লাখ টকাৰ নকল ভাৰতীয় নোট। তেনেদৰে ১২৪ জন ভাৰতীয় আৰু ১১০ জন বাংলাদেশী চোৰাং কাৰবাৰীক আটক কৰা হৈছিল। আনহাতে প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক কমলজিৎ সিং বনিয়ালে বাহিনীটোৰ বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিশা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচী আৰু বৰাখানাত মহা পৰিদৰ্শক বনিয়ালৰ উপৰিও উপ মহা পৰিদৰ্শক আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ ৰাম চৰণ সিঙকে ধৰি উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে। সাংস্কৃতিক অনুষ্ঠানত কেবাজনো বিষয়া-জোৱানে সংগীত, নৃত্য আৰু দেশপ্ৰেমমূলক অনুষ্ঠান পৰিবেশন কৰে।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন