বি এছ এফৰ পূব কমাণ্ডৰ এ ডি জি ৱাই বি খুৰানীয়াৰ মুখ্যমন্ত্ৰী , ডিজিপিক সাক্ষ্যৎ , সীমান্তৰ পৰিস্থিতি পৰ্যালোচনা

0 193

গুৱাহাটীৰ এখন লজৰ পৰা দেওবাৰে আৰক্ষীয়ে ২৬ জনকৈ সন্দেহ জনক নাগৰিকক আটক কৰা , বাংলাদেশৰ পৰা ৰোহিংগীয়া শৰণাৰ্থীয়ে সীমান্ত পাৰ হৈ অসমৰ মাজেৰে ৰেলেৰে ৰাজধানী নতুন দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ যোৱা বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্রণালয়ে। ইয়াৰ অংশহিচাপে সীমান্ত নিৰাপত্তা বাহিনীৰ ( বি এছ এফ ) কলকাতাস্থিত পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) ৱাই বি খুৰানীয়াই আজি চাৰিদিনীয়া সীমান্ত অঞ্চল ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহে । তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ সচিবালয়ৰ কক্ষত সাক্ষাৎ কৰে । সাক্ষাৎ কালত এ ডি জি খুৰাণীয়াই ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ অসমৰ লগত সংলগ্ন সীমাৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক অৱগত কৰে । তেনেদৰে এ ডি জি খুৰানীয়াই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ( ডিজিপি ) ভাস্কৰজ্যোতি মহন্তক আৰক্ষী মুখ্য কাৰ্যালয়ত সাক্ষাৎ কৰে । সাক্ষাৎ কালত দুয়োজন শীৰ্ষ বিষয়াই আৰক্ষী আৰু বিএছএফে সীমান্তত সহযোগিতাৰে কাম কৰাৰ লগতে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে । আনহাতে চাৰিদিনীয়া কাৰ্যসূচীৰে সীমান্ত ভ্ৰমণলৈ অহা এডিজি খুৰাণীয়াই বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ উচ্চপদস্থ বিষয়া সকলৰ সৈতে এখন বৈঠকত ভাগ লয় । গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক এছ এছ গেহলটৰ উপস্থিতিত অনুস্থিত বৈঠকত আন্তঃৰাষ্ট্রীয় সীমান্তৰে অনুপ্ৰৱেশৰ লগতে কোনো নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ যাতে নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । উল্লেখযোগ্য যে এ ডি জি খুৰানীয়াই ১৪ ৰ পৰা ১৬ ছেপ্টেম্বৰলৈ ধুবুৰী , দক্ষিণ শালমাৰা , মানকাছাৰৰ উপৰি পশ্চিমবংগৰ কোচবিহাৰত গৈ আন্তৰ্জাতিক সীমান্ত পৰিদৰ্শন কৰিব ।

Leave A Reply

Your email address will not be published.