বিপিএফ দলৰ দুই নেতা ক্ৰমে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু তামোলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এই উপলক্ষে আজি পুৱা চাৰে ন বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খাৰঘুলিস্থিত বাসভৱনৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত অনুষ্ঠিত এক যোগদান সভাত দুয়োজন নেতাই আনুষ্ঠানিকভাৱে যোগদান কৰি গেৰুৱা বস্ত্ৰ পৰিধান কৰে।অনুষ্ঠানটোত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখপাত্ৰ ৰূপম গোস্বামী, বিজেপি নেতা মমিনুল আৱালকে ধৰি বহু কেইজনো নেতা উপস্থিত থাকে। অনুষ্ঠানটোৰ আত ধৰে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।মুখ্যমন্ত্ৰীয়ে দুয়োজনকে বিজেপি দললৈ আদৰণি জনাই কয় যে এইবাৰ বিটিচি নিৰ্বাচনত বিজেপি দলে বিটিচি গঠন কৰাটো নিশ্চিত হৈছে।দৈমাৰী আৰু মুছাহাৰীৰ যোগদানে বিজেপি দলক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
Trending
- Assam CM meets EU Ambassador to India-discusses opportunities for collaboration in different sectors
- এইচ ডি এফ চি বেঙ্কে ভাৰতীয় সেনাবাহিনী আৰু চি এচ চি একাডেমীয়ে প্ৰকল্প নমন ২৬ টা নতুন স্থানলৈ সম্প্ৰসাৰিত
- গ্ৰাহক দিৱস উদযাপন
- কৃষকক সৱলীকৰণৰ লক্ষ্যৰে কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৰ্মশালা সম্পন্ন
- Farmers Mobilization & Awareness Programme under PM-DevINE Scheme Held in Goalpara
- দিল্লী আৰু মুম্বাইত নিৰ্মাণ হ’বলগীয়া নতুন অসম ভৱনত চৰকাৰে প্ৰতিষ্ঠা কৰিব একোটাকৈ ‘নামঘৰ’
- ভাৰতীয় ভাষাসমূহত কৃত্রিম বুদ্ধিমত্তা-গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তিবিষয়ক দুদিনীয়া কৰ্মশালাৰ সামৰণি
- IIMC initiated quality Media education in the Third World
- কনটেণ্ট ক্ৰিয়েটৰ এক আকৰ্ষণীয় কেৰিয়াৰ- ড°বুলজিৎ বুঢ়াগোহাঁই-ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আজাৰাত এছ টি পি আইৰ উদ্যোগত বিনিয়োগ সম্পৰ্কীয় সন্মিলন