কা বিৰোধী আন্দোলনৰ পাছতে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এক সংবাদমেল অনুষ্ঠিত কৰে।সংবাদমেলত তেওঁ কয় যে অসমত এচাম লোকে বিভ্রান্তিমূলক কামেৰে অৰাজকতাৰ সৃষ্টি কৰিছে। ভাৰতীয় জনতা পার্টিৰ চৰকাৰ থকালৈকে অসমত এজনো বিদেশীয়ে স্থান নাপায়।আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল যে নাগৰিকত্ব সংশোধনৰ বাবে সকলোৱে আবেদন কৰিব পাৰিব।সত্ৰ মাটি বেদখল,কাজিৰঙা উচ্ছেদ আৰু ভাষা সংৰক্ষণৰ ক্ষেত্রত বিজেপি চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।লগতে তেওঁ অহিংসা আৰু সম্পূর্ণ গণতান্ত্রিক প্ৰক্ৰিয়াৰে কা’ৰ বিৰুদ্ধে আন্দোলন চলাই যাবলৈ অনুৰোধ জনায়।বিজেপি চৰকাৰ থকালৈকে অসমীয়াৰ শংকা নাই বুলিও ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।এই সংবাদমেলত সাংসদ দিলীপ শইকীয়া আৰু পুলক গোঁহাই উপস্থিত থাকে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ