বি বৰুৱা মহাবিদ্যালয়ত ৮০ বছৰীয়া জয়ন্তী উদযাপন

0 142

গুৱাহাটীৰ ঐতিহ্য মণ্ডিত বি বৰুৱা কলেজে চলিত বৰ্ষত স্থাপনৰ ৮০বছৰত ভৰি দিছে,সেয়েহে মহাবিদ্যালয় খনৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ উদ্যোগত অহা ২এপ্ৰিলত মহাবিদ্যালয় খনৰ ৮০ বছৰীয়া জয়ন্তী উদযাপন বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মহাবিদ্যালয় সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা মহাবিদ্যালয়খনৰ ৮০ খন পতাকা উত্তোলনৰ জৰিয়তে সিদিনা পুৱা ৯ বজাত বৰ্ষজোৰা কাৰ্যসূচীৰ পাতনি মেলা হ’ব। ইয়াৰ পাছত শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

দিন জোৰা কাৰ্যসূচীৰে আয়োজিত হ’ব লগা ৮০ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহৰ গুণগত মান বৃদ্ধিত প্ৰাক্তন বিদ্যাৰ্থীসকলৰ ভূমিকা শীৰ্ষক এই বক্তৃতা প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্ট্ৰুমেন্টেচন আৰু ইউছিক বিভাগৰ মুৰব্বী অধ্যাপক উৎপল শৰ্মাই। ইয়াৰ পাছতে মহাবিদ্যালয় খনৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ মাজত এক প্ৰীতি মেলৰ আয়োজন কৰা হৈছে। শেষত প্ৰীতি ভোজমেলেৰে ৮০ বছৰীয়া জয়ন্তী উদযাপনৰ দিনজোৰা কাৰ্যসূচীৰ সামৰণি মৰা হ’ব। উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অনুষ্ঠান সফল কৰি তুলিবলৈ মহাবিদ্যালয় সম্প্ৰদায়ৰ সকলোলৈকে বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সভাপতি অধ্যাপক জগদীশ গোস্বামী আৰু সম্পাদক অধ্যাপক ড:বিজয় গোস্বামীয়ে আন্তৰিকতাৰে কামনা কৰিছে।

Leave A Reply

Your email address will not be published.