বৃক্ষ ৰোপনেৰে মাতৃ দিৱস উদযাপন

0 230

দক্ষিণ কামৰূপ মহিলা সংগঠনৰ নেতৃত্বত যোৱা কালি ১২ মে’ত “মাতৃ দিৱস”ৰ লগত সংগতি ৰাখি মিৰ্জাস্থিত মামণী ৰয়ছম গোস্বামী চ’কত চাফাই অভিযান চলোৱা হয়। সংগঠনটোৰ সভানেত্ৰী মমতা গোস্বামী, সম্পাদিকা দীপ্তি গোস্বামী শৰ্মা, প্ৰণিতা দাস, নিৰ্মালী কলিতা, ৰীতা শৰ্মা, অন্নপূৰ্ণা দেৱী, মণি গোস্বামী প্ৰমুখ্যে চল্লিশজনীয়া মহিলা সংগঠনটোৰ দলটোৱে মিৰ্জা চ’কৰ লগতে ছোৱালী হাইস্কুলৰ সীমাত আৱৰ্জনাময় পৰিবেশ নিকাকৰণ কৰে। মহিলা সংগঠনটোৱে চাফাই অভিযানৰ লগতে চল্লিশটাতকৈ অধিক গছপুলি পলাশবাৰী সাহিত্য সভা ভৱন, শ্বহীদ বেদী প্ৰাংগনৰ লগতে মিৰ্জাৰ চ’কত ৰোপন কৰে। গছপুলি ৰোপন কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুস্বপ্না কাকতিয়ে। কাৰ্যসূচীত কোছপাৰা গাও পঞ্চায়তৰ সভানেত্ৰী স্বপ্না দাসেও অংশ গ্ৰহণ কৰি মহিলা সংগঠনটোৱে লোৱা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে.. 

Leave A Reply

Your email address will not be published.