বৃন্দাবনী বস্ত্ৰক কাঠত খোদিত কৰিছে

0 240

অসম গৌৰৱ বৃন্দাবনী বস্ত্ৰক কাঠত খোদিত কৰিছে এজন শিল্পীয়ে।শিৱসাগৰৰ সৌকাজান সত্ৰৰ অমৃত মহন্ত নামৰ শিল্পী গৰাকীয়ে ২০১৬চনৰ এপ্ৰিল মাহৰ পৰা শিল্পবিধ নিৰ্মাণ কৰাৰ লগত জড়িত হৈ আছে ।উল্লেখযোগ্য যে ৫০০শতিকাৰ পিছত বৃন্দাবনী বস্ত্ৰখন কাঠত প্ৰথমবাৰৰ বাবে খোদিত হৈছে আৰু বৃন্দাবনী বস্ত্ৰৰ নিৰ্মাণ কাৰ্য্য প্ৰায় সম্পূৰ্ণ হৈছে।সৌকাজান সত্ৰৰ অমৃত মহন্ত নামৰ ব্যক্তিজনে এখন সিংহাসন,বস্ত্ৰৰ আকৃতি শিল্প কাঠত খোদিত কৰিছে ।এই সম্পৰ্কে অমৃত মহন্তই কয় যে মহাপুৰুষ জনাৰ অমূল্য সম্পদ বিধক জীয়াই ৰাখিবলৈ এয়া এক প্ৰচেষ্টাহে।বিভিন্ন নীতি নিয়মেৰে কামবোৰ সমাপন কৰিছো।স্মতৰ্ব্য যে ২০২০চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাবে চৰকাৰক এই সমল সমূহ অৰ্পন কৰিব।

Leave A Reply

Your email address will not be published.