বোকাখাতৰ গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থী সকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সকাহ দি ২০০০ চনতে প্ৰতিষ্ঠা হোৱা নুমলীগড় জুনিয়ৰ কলেজত আজি বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পূৰ্বৰ সভাৰ সিদ্ধান্ত অনুসৰি ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বোধেশ্বৰী বৰাক জুনিয়ৰ কলেজখনৰ অধ্যক্ষা হিচাপে নিযুক্তি দিয়া হয়। পৰিচালনা সমিতিৰ সভাপতি যাদৱ হাজৰিকা, উপ সভাপতি প্ৰীতি ৰঞ্জন বৰুৱা, উপদেষ্টা ধনীৰাম কুৰ্মি, বিষয় শিক্ষয়িত্ৰী উষাজোন ফুকন, নিভা শইকীয়া, মমী সেনৰ লগতে পৰিচালনা সমিতিৰ সদস্য সকলৰ উপস্থিতিত পৰিচালনা সমিতিৰ সম্পাদক অমৰ শৰ্মাই আঁত ধৰা সভাত নৱ নিযুক্ত অধ্যক্ষাক ফুলাম গামোচাৰে আদৰণি জনায়। সভাত অধ্যক্ষা বোধেশ্বৰী বৰাৰ লগতে পৰিচালনা সমিতিৰ সদস্য, শিক্ষক সকলে নিজা বক্তব্য আগবঢ়ায়।উল্লেখ্য যে এই বৰ্ষত পাঁচজন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ, চাৰি গৰাকীয়ে দ্বিতীয় বিভাগ সহ সকলো ছাত্র ছাত্ৰী উত্তীৰ্ণ হয়। পৰিচালনা সমিতিয়ে শিক্ষক সকলৰ শলাগ লয়।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন