ব্যক্তিগত শিক্ষানুষ্ঠানে সুখবৰ কঢ়িয়াইছে

0 289

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট মেনেজমেণ্ট এণ্ড টেকন’লজিত ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ আজি আৰম্ভ হয়। এই অনুষ্ঠানত বন্তি প্ৰজলন কৰে জনজাতীয় কাৰ্য্য মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী যশবন্তচিন সুমনভাই ভাৱৰে। আৰম্ভণী ভাষণ আগবঢ়াই শ্ৰীমন্ত শংকৰ একাডেমী গোষ্ঠীৰ সভাপতি ৰাতুল দাসে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড৹ মৃদুল হাজৰিকা উপস্থিত থাকি কয় যে ‘ডিজিটেল ইণ্ডিয়াই ভাৰতবৰ্ষৰ প্ৰগতিত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। এই ক্ষেত্ৰত যুব প্ৰজন্মৰ মাজত অনুষ্ঠিত এনে প্ৰতিযোগিতা সমূহে যুৱ শক্তিৰ বিকাশ সাধন কৰাই নহয়, এখন প্ৰগতিশীল, সুস্থ সমাজ গঢ়াতো সহায়ক হ’ব।”স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ’ আজিৰ এই আৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জনজাতীয় কাৰ্য্য মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী যশবন্তচিন সুমন ভাই ভাৱৰে কয় যে এইটো প্ৰশংসনীয় যে ভাৰতবৰ্ষৰ নৱ প্ৰজন্মই ভাৰতৰ জলন্ত সমস্যা সমূহ ডিজিটেলি সমাধানৰ বাবে তেওঁলোকৰ উদ্ভাৱনী শক্তিক বিশেষভাৱে প্ৰয়োগ কৰিব পাৰিছে।

যিয়ে ভাৰতবৰ্ষৰ প্ৰগতিত বিশেষ ভূমিকা ল’ব। ইয়াৰ উপৰিও AICTE ৰ কো চেয়াৰমেন আনন্দ দেশপাণ্ডে, চেয়াৰমেন প্ৰফেচৰ অনিল সহস্ৰবুদ্ধ, চেক্ৰেটাৰী মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ আৰ. সুব্ৰমনিয়াম, ৰাজ্যিক মন্ত্ৰী ড৹ সত্যপাল সিঙে দিল্লীৰ পৰা ভি ডি অ’ যোগে বক্তব্য আগবঢ়ায়। ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ‘ ২০১৮ ভাৰতৰ প্ৰযুক্তি বিদ্যা ইতিহাসত এটা অভিনৱ সংযোজন। AICTE আৰু মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে ভাৰতৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা জনসাধাৰণৰ বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ উদ্দেশ্য আয়োজন কৰিছে এই ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’। ইয়াৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ উদ্ভাৱনী শক্তিৰ উৎকৰ্ষ সাধন কৰাৰ লগতে এখন তথ্য প্ৰযুক্তি সমৃদ্ধ সমাজ গঢ়াতো সহায়ক হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ ২৭ টা মন্ত্ৰালয় আৰু ১৮ খন ৰাজ্য চৰকাৰে স্মাৰ্ট ইণ্ডিয়া হেকাথনত অংশ গ্ৰহণ কৰিছে। প্ৰায় ১২৮২ ছাত্ৰ- ছাত্ৰীৰ দলে ৩৪০ টা সমস্যা সমাধানৰ অৰ্থে সৰ্বমুঠ ২৮ টা নডেল কেন্দ্ৰত কডিং কৰিছে। ২০১৭ বৰ্ষৰ সফল পৰিসমাপ্তিৰ পিচত এইবাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজি উত্তৰ পূব ভাৰতৰ একমাত্ৰ নডেল কেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰিছে। জনজাতীয় কাৰ্য্য মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্বাচিত দহটা সমস্যাৰ ওপৰত তিনি শতাধিক প্ৰতিযোগীয়ে ইতিমধ্যে কডিং আৰম্ভ কৰিছে৷ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হিচাপে সৰ্বভাৰতীয় পৰ্য্যায়ৰ এনে এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ পোৱাটো অকল প্ৰতিষ্ঠানটিৰ বাবেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুখবৰ হিচাপে বিবেচিত হৈছে।

Leave A Reply

Your email address will not be published.