ব্যতিক্ৰম ধৰণে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে ইউ পি পি এলে

0 164

সমগ্ৰ বিশ্বৰ লগতে আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীঙত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।বিটিচিৰ শাসকীয় দল ইউপিপিএলৰ মহিলা কোষৰ উদ্যোগত চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ খুংগ্ৰীঙত কেন্দ্ৰীয় ভাৱে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।

বিটিআৰ এলেকাৰ অন্যান্য জিলাসমূহৰ পৰা অহা মহিলা নেত্ৰী সকলৰ উপস্থিতিত ৰাতিপুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণৰ মাজেৰে আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ।আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্য সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠাৰ কামনাৰে শান্তিৰ প্ৰতীক স্বৰূপ বগা পাৰ চৰাই মুকুলি আকাশলৈ উৰায়।

নাৰী নিৰ্যাতন,নাৰীৰ শোষন বন্ধ কৰা, নাৰীৰ অধিকাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা,পৰিৱেশ সংৰক্ষণ কৰাৰ দৰে অন্যান্য সামাজিক সমস্যাৰ ওপৰত কাম কৰিবলৈ ইউপিপিএল দলৰ পৰা মহিলা কোষৰ পৰা মাদাৰচ্ ক্লাৱ নামৰ এটা বিশেষ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় বুলি ইউপিপিএল দলৰ মহিলা কোষৰ সাধাৰণ সম্পাদিকা প্ৰতিভা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

দুপৰীয়াৰ ভাগত প্ৰায় পাঁচ সহস্ৰাধিক মহিলাৰ উপস্থিতিত খুংগ্ৰীং হাইস্কুল খেলপথাৰত এক বিশাল মুকলি সভা অনুষ্ঠিত হয় । আন্তৰ্জাতিক নাৰী দিৱসৰ মুকলিসভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ভাষন প্ৰদান কৰে বিটিচি প্ৰধান প্ৰমোদ বড়ো , আমন্ত্ৰিত অতিথি ৰূপে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী,বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,পাৰিষদ মাধৱ ছেত্ৰী, ইউপিপিএল দলৰ মহিলা কোষৰ সভানেত্ৰী বিনা গয়াৰী, সাধাৰণ সম্পাদিকা প্ৰতিভা ব্ৰহ্ম আদিয়ে।

Leave A Reply

Your email address will not be published.