আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতৰ নিৰ্বাচন আয়োগে ৫ নং গুৱাহাটী লোকসভা সমষ্টিত ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া টি জেমছ সিংছন শুক্ৰবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। ব্যয় পৰ্যবেক্ষকগৰাকীয়ে শনিবাৰে কামৰূপ(ম) জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাত কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী ব্যয় পৰীক্ষণ কোষৰ ন’ডেল বিষয়া, পাঁচটা বিধানসভা সমষ্টিৰ বাবে নিয়োগ কৰা পাঁচগৰাকী সহকাৰী ব্যয় পৰ্যবেক্ষক, আৰক্ষী আয়ুক্তৰ ন’ডেল বিষয়া, মিডিয়া চাৰ্টিফিকেশ্বন মণিটৰিং কমিটিৰ ন’ডেল বিষয়া, সহকাৰী আয়ুক্ত , নিৰ্বাচনী কোষৰ বিষয়া আৰু ব্যয় পৰ্যবেক্ষণৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।ব্যয় পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচন কালত ব্যয় পৰ্যবেক্ষণৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰী সকলৰ দায়িত্ব তথা কৰ্তব্যৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। তেওঁ আটাইকে নিষ্ঠা আৰু সততাৰে নিজৰ নিজৰ কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনায়। লগতে কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী ব্যয় সম্পৰ্কীয় কিবা অভিযোগ থাকিলে “৯৮৬৪২-২২৪১১” নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈ ব্যয় পৰ্যবেক্ষক গৰাকীয়ে আহ্বান জনায়। অনুৰূপধৰণে দিছপুৰ বিধানসভা সমষ্টিৰ বাবে ৮৮২২০৯৯৫৫২ নম্বৰত, নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বাবে ৯৮৬৪৮৮৯৮৯৭ নম্বৰত, গুৱাহাটী চেন্ট্ৰেলৰ বাবে ৮৮২২১০৬৪৯৪ নম্বৰত, জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে ৮৮২২১৩৫৭৬৯ নম্বৰত আৰু ডিমৰীয়া বিধানসভা সমষ্টিৰ বাবে ৮৮২২১৩৪১৬১ নম্বৰত যোগাযোগ কৰি সহকাৰী ব্যয় পৰ্যবেক্ষকৰ লগত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় অভিযোগ থাকিলে দিব পাৰিব । আনহাতে কামৰূপ (ম) জিলাৰ নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে নিয়ন্ত্ৰণ কক্ষৰ বাবে ০৩৬১-৪০৯০৭৭৭ নম্বৰত, হেল্পলাইনৰ বাবে ১৯৫০ নম্বৰত আৰু জিলা নিৰ্বাচনী কাৰ্যালয়ৰ বাবে ০৩৬১-৪০৮৪৯৭৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিত অহা ৭ মে’ তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে