ব্ৰহ্মপুত্ৰকে ধৰি কেবাখনো নৈ -উপনৈৰ জলস্তৰ বৃদ্ধি-ৰাজ্যৰ বিভিন্ন অঞ্চলত সাজু এন ডি আৰ এফৰ কেবাটাও উদ্ধাৰকাৰী দল

0 350

বিগত কেইদিনত অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু ভুটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ , বৰাককে ধৰি ৰাজ্যখনৰ কেবাখনো নৈ – উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে । আনকি শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰে ঠাই বিশেষে সতৰ্কতা স্তৰ অতিক্ৰম কৰাৰ লগতে কেবাখনো উপনৈৰ জলস্তৰে বিপদ সীমা অতিক্ৰম কৰিছে । ইফালে অসমকে ধৰি কেবাখনো ৰাজ্যৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট যিকোনো দুৰ্যোগত আক্ৰান্ত লোকৰ উদ্ধাৰ আৰু সাহাৰ্য কাৰ্যৰ দায়িত্বত নিয়োজিত ৰাষ্ট্রীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ কেবাটাও উদ্ধাৰকাৰী দল সাজু কৰি ৰখাৰ লগতে বানাক্ৰান্ত অঞ্চলত কেবাটাও দল নিয়োগ কৰা হৈছে । প্ৰথম এন ডি আৰ এফ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে সদৰি কৰা অনুসৰি ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলৰ লোকক উদ্ধাৰ কৰাৰ বাবে উজানবজাৰ ঘাটত এটা দল সাজু কৰি ৰখা হৈছে । তেনেদৰে কাছাৰ জিলাৰ শিলচৰ , বঙাইগাঁও জিলাৰ অভয়াপুৰী , বৰপেটা জিলাৰ হাউলী আৰু যোৰহাট জিলাত এটাকৈ দল সাজু কৰি ৰখা হৈছে । একোজন পৰিদৰ্শকৰ অধীনত থকা দল সমূহত কেবাজনো প্ৰশিক্ষিত ডুবাৰু থকাৰ লগতে উন্নত মানৰ ৪/৫ খনকৈ ইঞ্জিনযুক্ত নাও , উদ্ধাৰ কাৰ্যত ব্যৱহৃত সা সঁজুলি , আনকি আক্ৰান্ত লোকক স্থানান্তৰ কৰাৰ বাবে বাছ পৰ্যন্ত সাজু কৰি ৰখা হৈছে ।ইতিমধ্যে অভয়াপুৰীত নিয়োজিত দলটোৱে ২৬ আগষ্টত শিশু , মহিলাকে ধৰি ২৫৮ জন বানাক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছে । ২৬ আগষ্টলৈকৈ বাহিনীটোৱে বিগত কেইদিনত ৩৪৩ জন বানাক্ৰান্ত লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে । কমাণ্ডেণ্ট কাণ্ডাৰীয়ে সদৰি কৰা অনুসৰি উদ্ধাৰ কার্যৰ সময়ত বাহিনীটোৰ নিয়োজিত লোক সকলে সামাজিক বা শাৰীৰিক দূৰত্ব , মাস্ক পৰিধান কৰা , চেনিটাইজ ব্যৱহাৰ কৰাকে ধৰি ক’ভিড বিধি মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Leave A Reply

Your email address will not be published.