বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি চি আই এচ এফৰ ৫৩ তম্ ‘ৰেইজিং দিৱস’ উদযাপন কৰা হয়। চি আই এচ এফৰ সুৰক্ষা কৰ্মীৰ উৎকৃষ্ট কাৰ্য ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ ১০ মাৰ্চত ‘ৰেইজিং দিৱস’ উদযাপন কৰি আহিছে। আজিৰ এই ৫৩ তম্ ‘ৰেইজিং দিৱস’ৰ লগত সংগতি ৰাখি সুৰক্ষা কৰ্মী সকলে, যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তাৰ ভিতৰত অন্যতম কাৰ্যসূচী হিচাপে চাইবাৰ চিকিউৰিটিৰ সজাগতা, স্বচ্ছতা অভিযান, সুৰক্ষা অভিযান মূলক চিনেমা প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান, বাটৰ নাট, কুইজ প্ৰতিযোগিতা, বৃক্ষ ৰোপণ, চেনিটাইজেছন ইত্যাদিৰ মাধ্যমৰে সকলোৰে মাজত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা বৃদ্ধিৰ বাবে চেষ্টা কৰা হয়। আজিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱা। উৎপল বৰুৱাই ভাষণ প্ৰসঙ্গত বিমানকোঠত ৰাষ্ট্ৰীয় বিমান সুৰক্ষা বাহিনীৰ উত্তৰণ আৰু সহযোগিতাক শলাগ লয়। লগতে বৰুৱাই চি আই এচ এফৰ কমাণ্ডেট লালমোহন ঠাকুৰৰ তত্বাবধানত জোৱানসকলে অনুষ্ঠিত কৰা পেৰেডত অংশ গ্ৰহণ কৰে। লালমোহন ঠাকুৰে ভাষণ সন্দৰ্ভত ২০০০ চনৰ পৰা বিমানকোঠৰ মজবুত সুৰক্ষাৰ আঁৰত চি আই এচ এফৰ জোৱানসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয়।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ