বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি চি আই এচ এফৰ ৫৩ তম্ ‘ৰেইজিং দিৱস’ উদযাপন কৰা হয়। চি আই এচ এফৰ সুৰক্ষা কৰ্মীৰ উৎকৃষ্ট কাৰ্য ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ ১০ মাৰ্চত ‘ৰেইজিং দিৱস’ উদযাপন কৰি আহিছে। আজিৰ এই ৫৩ তম্ ‘ৰেইজিং দিৱস’ৰ লগত সংগতি ৰাখি সুৰক্ষা কৰ্মী সকলে, যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তাৰ ভিতৰত অন্যতম কাৰ্যসূচী হিচাপে চাইবাৰ চিকিউৰিটিৰ সজাগতা, স্বচ্ছতা অভিযান, সুৰক্ষা অভিযান মূলক চিনেমা প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান, বাটৰ নাট, কুইজ প্ৰতিযোগিতা, বৃক্ষ ৰোপণ, চেনিটাইজেছন ইত্যাদিৰ মাধ্যমৰে সকলোৰে মাজত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা বৃদ্ধিৰ বাবে চেষ্টা কৰা হয়। আজিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱা। উৎপল বৰুৱাই ভাষণ প্ৰসঙ্গত বিমানকোঠত ৰাষ্ট্ৰীয় বিমান সুৰক্ষা বাহিনীৰ উত্তৰণ আৰু সহযোগিতাক শলাগ লয়। লগতে বৰুৱাই চি আই এচ এফৰ কমাণ্ডেট লালমোহন ঠাকুৰৰ তত্বাবধানত জোৱানসকলে অনুষ্ঠিত কৰা পেৰেডত অংশ গ্ৰহণ কৰে। লালমোহন ঠাকুৰে ভাষণ সন্দৰ্ভত ২০০০ চনৰ পৰা বিমানকোঠৰ মজবুত সুৰক্ষাৰ আঁৰত চি আই এচ এফৰ জোৱানসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয়।
Trending
- বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- আই এ এছ এছ সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলনৰ সামৰণি
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান