বৰপেটাৰ সৌৰভ অক্ষয় কুমাৰ মিশ্ৰলৈ সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা

0 252

অসমীয়া সাহিত্যৰ সৃষ্টিশীল সাধক অনন্ত ৰাম দাসৰ ১৯ জুলাইত বিংশতিতম স্মৃতি দিৱসৰ প্ৰাকক্ষণত অধ্যয়নশীল , চিন্তাশীল লেখক , বৰপেটাৰ সৌৰভ অক্ষয় কুমাৰ মিশ্ৰলৈ ২০২২ বৰ্ষৰ সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা আগবঢ়োৱা হৈছে ৷বৰপেটাৰ অন্যতম সাহিত্য সংস্কৃতিৰ সেৱামূলক অনুষ্ঠান অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনে প্ৰতিবছৰে সাহিত্য,সংস্কৃতি , সামাজিক আৰু সংবাদজগতলৈ আগবঢ়োৱা অনবৈদ্য অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ একো একোজন বিশিষ্ট ব্যক্তিক সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা ১৯ জুলাইত অনন্ত ৰাম দাসৰ স্মৃতিত আগবঢ়াই আহিছে ৷ এইবাৰো বিগত ২০২২ বৰ্ষৰ বাবে বৰপেটাৰ সৌৰভ শিক্ষা ৰত্ন আৰু কলাগুৰু বঁটাৰে সন্মানিত অক্ষয় কুমাৰ মিশ্ৰক সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটাৰ বাবে মনোনীত কৰা হৈছে ৷ প্ৰজ্ঞা সাধনাৰ অন্তৰ্মুখী লেখক অক্ষয় কুমাৰ মিশ্ৰ এগৰাকী চিন্তাশীল সাহিত্যিক সমাজবিজ্ঞানৰ পৰ্যবেক্ষক ৷ সংবাদ জগতৰ ক্ষেত্ৰখনত তেখেতে ১৯৮২ চনৰ পৰাই দৈনিক অসম ,আজিৰ অসম , জনমভূমি , আমাৰ অসম আদিত জড়িত হৈ নিজকে সত্যনিষ্ঠ সাংবাদিক আৰু সু সম্পাদক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷ শিক্ষা ৰত্ন আৰু কলাগুৰু বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ সাহিত্য সমালোচক হিচাপেও পৰিচিত ৷তেখেতৰ জীৱন- জিজ্ঞাসা ,জীৱন তৃষ্ণা ,প্ৰবুদ্ধ যৌৱন , ব্যক্তিত্বৰ সৌৰভ কৃতিত্বৰ গৌৰৱ ,জীৱন অন্বেষণ আদি সৃষ্টিশীল সাধনাৰ অনন্য অৱদান ৷
অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনৰ সৰ্বস্ব সন্মান সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা প্ৰতিবছৰে ১৯ জুলাইত সুন্দৰৰ সাধক অনন্ত ৰাম দাসৰ স্মৃতি দিৱসত প্ৰদান কৰা হয় কিন্তু এইবাৰ বিশেষ পৰিস্থিতিৰ বাবে বৰ্ণাঢ্য কাৰ্যসূচী স্থগিত ৰখা হৈছে ৷ সেয়েহে অহা ৭ ডিচেম্বৰত সুন্দৰৰ সাধক গৰাকীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অক্ষয় কুমাৰ মিশ্ৰলৈ ২০২২ বৰ্ষৰ সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে ৷ অহা ৭ ডিচেম্বৰত অনন্ত ৰাম দাসৰ ৯৫ সংখ্যক জন্ম দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মিশ্ৰ দেৱলৈ সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা প্ৰদান কৰা হ’ব বুলি অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনৰ প্ৰধান সম্পাদক কবিন দাসে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে৷

Leave A Reply

Your email address will not be published.