সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ সম্পাদক পদত নিৰ্বাচিত হৈছে যোৰহাটৰ চেলেংহাটৰ ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈ। উল্লেখ্য যে অলপতে পশ্চিমবংগ শিলিগুৰিত অনুষ্ঠিত সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ এখন সভাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অচ্যুত প্ৰসাদ গগৈক সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ সম্পাদক পদত নিৰ্বাচিত কৰা হয়। উল্লেখ্য অচ্যুত প্ৰসাদ গগৈ অসমৰ এগৰাকী প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক। আনহাতে মৰিয়নী সমষ্টিৰ চেলেংহাটৰ নিজা বাসগৃহত অচ্যুত প্ৰসাদ গগৈয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে জৈৱিক চাহ উৎপাদন কৰি বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অচ্যুত প্ৰসাদ গগৈয়ে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ সম্পাদক পদত অধিস্থিত হোৱাত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে চেলেংহাটবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান