ভাৰতৰ প্ৰথমগৰাকী মহাকাশ পৰ্যটক হ’ব সাংবাদিক সন্তোষ জৰ্জ কুলাংগাৰা

0 265

ভাৰতৰ প্ৰথমগৰাকী মহাকাশ পৰ্যটক হিচাপে ইতিহাস ৰচিবলৈ সাজু সাংবাদিক তথা ভ্ৰমণকাৰী সন্তোষ জৰ্জ কুলাংগাৰা। ২৪ বছৰত ১৩০ খনতকৈও অধিক দেশ ভ্ৰমণ কৰিছে সাংবাদিকগৰাকীয়ে । ৰোমাঞ্চকৰ ভ্ৰমণকাহিনী, মালায়ালম ভাষাত সম্প্ৰচাৰিত টেলিভিছন শ্ব’ “সংচাৰাম”ৰ বাবে জনাজাত সাংবাদিক তথা ভ্ৰমণকাৰী সন্তোষ জৰ্জ কুলাংগাৰা । কিন্তু এতিয়া ভাৰতৰ প্ৰথমগৰাকী মহাকাশ পৰ্যটক হিচাপে পৰিচিত হ’বলৈ সাজু হৈছে সন্তোষ জৰ্জ । তেওঁ ৰিচাৰ্ড ব্ৰেনছনৰ ভাৰ্জিন গেলেক্টিকত মহাকাশ ভ্ৰমণ কাৰ্যসূচীৰ বাবে টিকট বুক কৰা একমাত্ৰ ভাৰতীয় ।
মহাকাশ পৰ্যটকৰ গোটত অন্তৰ্ভুক্তিৰ বাবে তেওঁ আবেদন জনাইছিল আৰু ২০০৭ চনত তেওঁক বাছনি কৰা হৈছিল। মহাকাশ ভ্ৰমণৰ বাবে ২.৫ লাখ মাৰ্কিন ডলাৰ ব্যয় কৰিব লাগিব সাংবাদিকগৰাকীয়ে । সন্তোষে তেওঁৰ মহাকাশ ভ্ৰমণৰ ভিডিঅ’ ৰেকৰ্ড কৰি ৰাখিব ।
তেওঁ কয় যে, এই যাত্ৰা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সকলো কেৰালাৰ লোকসকলৰ বাবে । ভাৰ্জিন গেলেক্টিক হৈছে ৰিচাৰ্ড ব্ৰেনছনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা ব্যক্তিগত মহাকাশ বিমান কোম্পানী, যাৰ লক্ষ্য হৈছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটকসকলক মহাকাশ ভ্ৰমণ কৰোৱা ।যোৱা ১১ জুলাইত ৰিচাৰ্ড ব্ৰেনছনে পাইলট ডেভ মেকে আৰু মাইকেল মাচুচি, মিছন বিশেষজ্ঞ চিৰিছা বান্দলা, কলিন বেনেট আৰু বেথ ম’জেছৰ সৈতে ভাৰ্জিন গেলেক্টিকৰ ভিএছএছ ইউনিটিত মহাকাশলৈ উৰা মাৰিছিল আৰু মহাকাশ পৰ্যটনৰ দুৱাৰ মুকলি কৰিছিল ।এয়া সকলো কৰ্মচাৰীৰ সৈতে কৰা ইউনিটিৰ ২২ সংখ্যক পৰীক্ষামূলক যাত্ৰা আছিল । ২০২২ চনৰ আৰম্ভণিৰ পৰা বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ ভাৰ্জিন গেলেক্টিকে আৰু দুখন বিমান পৰিচালনা কৰে ।প্ৰতিষ্ঠানটোৱে প্ৰতি বছৰে ৪০০ খন এনে ধৰণৰ বিমান চলাচল কৰাৰ পৰিকল্পনা কৰিছে । জানিব পৰা মতে, ইতিমধ্যে মহাকাশ যাত্ৰাৰ বাবে ৬০০টা টিকট বিক্ৰী হৈছে।

Leave A Reply

Your email address will not be published.