চট্টিছগড়ৰ ৰায়পুৰত ৯ ৰ পৰা ১৩ জানুৱাৰীলৈ অনুষ্ঠিত ২৪ তম সদৌ ভাৰত বন খেল সমাৰোহ ২০১৯ত অসম বন বিভাগে বিষয়া কৰ্মচাৰীৰে গঠিত ৩৩ জনীয়া এটি খেলুৱৈৰ দল প্ৰেৰণ কৰিছিল। এই দলটোৱে ৭ টি পদক জিনি অন্য বছৰ সমূহৰ তুলনাত এইবাৰ চমকপ্ৰদ সফলতা দেখুৱাবলৈ সক্ষম হৈছে। এই খেল সমাৰোহত উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা ৰেঞ্জাৰ ৰবীন বৈশ্যই ভাৰত্তোলনত ১টা সোণৰ আৰু ১টা তামৰ মুঠ ২ টা পদক, বন সুৰক্ষা বাহিনীৰ নয়নমণি শইকীয়াই ভাৰত্তোলনত ১টা সোণৰ পদক, অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি. এফ. অ. তেজছ মৰিস্বামীয়ে স্কোৱাছত ১টা ৰূপৰ পদক, ঢলাৰ ফৰেষ্টাৰ বিজয় চেতিয়া পাত্ৰই ১টা ৰূপৰ আৰু দিস্কাছ থ্রোত ১টা তামৰ পদক আৰু বন সুৰক্ষা বাহিনীৰ অৰ্জুন ছেত্ৰীয়ে ৪০০ মিটাৰ দৌৰত ১টা ৰূপৰ পদক অৰ্জন কৰে।এই পদকপ্ৰাপ্ত বিষয়া কৰ্মচাৰীখেলুৱৈকেইজনক অহা ১৭ জানুৱাৰী,২০১৯ তাৰিখে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অসম বন বিভাগৰ মুখ্য কাৰ্য্যালয় অৰণ্য ভৱনত সম্বৰ্ধনা জনোৱা হ’ব বুলি জানিব পৰা গৈছে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন