গুৱাহাটীৰ অগ্ৰণী অনা চৰকাৰী সংস্থা ভিচন চানৰাইছৰ উদ্যোগত গুৱাহাটীৰ তেতেলীয়াস্থিত পূৰ্বত্তৰ ইনষ্টিটিউট ফৰ পাৰচনছ উইথ ডিজেবিলিটছ চৌহদত আজি প্লে থেৰাপী বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত গুৱাহাটীৰ উপৰিও বৰপেটা, নলবাৰী, আজাৰা, মিৰ্জা আদিৰ বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰায় ৩০ গৰাকীৰো অধিক প্ৰশিক্ষকে ভাগ লয়। আনহাতে বন্তি প্ৰজ্বলনৰে কৰ্মশালাখন উদ্ধোধন কৰে বিশিষ্ট চিকিৎসক আৰু ভিচন চানৰাইছৰ সভাপতি ডাঃ ধনেশ্বৰ কলিতাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ চহৰীয়া, ভিচন চানৰাইছৰ সদস্য ক্ৰমে ডঃ ৰীতা চৌধুৰী, কল্পনা ৰাজকুমাৰ, অৰ্পিতা শইকীয়া, জুৰি কলিতা, অলংকিতা বৰুৱা উপস্থিত থাকে। আনহাতে কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটীৰ কম্পজিত ৰিজিওনেল চেণ্টাৰৰ সহযোগী অধ্যাপক ডাঃ পৰমবীৰ ৰংগা। ডাঃ ৰংগাই কৰ্মশালাৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি উপস্থিত প্ৰশিক্ষক সকলক তেওঁলোকে নিজ নিজ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী সকলক প্লে থেৰাপীৰ সম্পৰ্কে আধুনিক পদ্ধতিৰে সহজভাবে কিদৰে প্ৰশিক্ষণ প্ৰদান কৰিব তাৰ বাখ্যা দাঙি ধৰে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা