সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত ভূৰাপাৰা মইনা পাৰিজাতে আজি অঞ্চলটোৰ উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান) উত্তীৰ্ণ বাৰ গৰাকীকৈ কীৰ্তিমান শিক্ষাৰ্থীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে ভূৰাপাৰা মইনা পাৰিজাতৰ মইনা তথা মাধৱদেৱ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ জোনমণি কলিতাৰ সভাপতিত্বত সভাৰ কাৰ্যসূচী আৰম্ভ হয়। ভূৰাপাৰাৰ মাঁ কালি মন্দিৰৰ সভাগৃহত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক বিমল শৰ্মাই ভূৰাপাৰা অঞ্চলত শিশুসকলৰ মাজত বৌদ্ধিক-সাংস্কৃতিক চিন্তা-চৰ্চা গঢ় দিয়াত মইনা পাৰিজাতৰ বিষয়ববীয়াসকলে লৈ অহা ভূমিকাক ভূয়সী প্ৰশংসা কৰে। সাংবাদিক শৰ্মাই কীৰ্তিমান শিক্ষাৰ্থী সকলক নিজৰ জন্মভূমিৰ স্বকীয়তা অক্ষুন্ন ৰাখি নিজকে এজন সৎ নাগৰিক হিচাপে গঢ় দিবলৈ আহ্বান জনায়। সাংবাদিক শৰ্মাই ভূৰাপাৰা মইনা পাৰিজাতৰ মইনা সকললৈ দুবছৰ বিনামূলীয়াকৈ তিনিখনকৈ শিশু আলোচনী ক্ৰমে মুকুতা-মৌচাক-সঁফুৰা আগবঢ়াই যাব বুলিও ঘোষণা কৰে। ভূৰাপাৰা মইনা পাৰিজাতৰ সম্পাদক জীতেন্দ্ৰ কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ভূৰাপাৰা অঞ্চলৰ কণ কণ মইনাসকলে যাতে ভৱিষ্যতে একো একোগৰাকী সু-নাগৰিক হৈ প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰবাবে আহ্বান জনায়। আজিৰ সম্বৰ্ধনা সভাত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ উদ্দীপ্ত প্ৰতীম দাস (ষ্টাৰ), জ্যোতিৰ্ময় কলিতা (প্ৰথম), সৌৰভ কলিতা (প্ৰথম) আৰু কবীৰ কুমাৰ দাস (প্ৰথম)ৰ লগতে কলা শাখাত ভাস্বতী দাস ( ডিষ্টিংচন), স্নেহা দাস, মানসজ্যোতি দাস, শংকৰজ্যোতি দাস, অমৰ দাস, ডলি দাস, ৰুবুল দাস আৰু অঞ্জন দাসক গছৰ পুলি আৰু প্ৰশংসা-পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভূৰাপাৰা মইনা পাৰিজাতৰ সভাপতি দিলীপ কুমাৰ দাস, সম্পাদক জীতেন্দ্ৰ কলিতা, উপদেষ্টা ৰামেশ্বৰ দাস, পৰিচালকমণ্ডলী প্ৰণিতা দাস, অমিয় কুমাৰ দাস, ধীৰাজ কুমাৰ দাস, বিদ্যুৎ কলিতা, অমূল্য দাস, মৃদুস্মিতা দাস, উৎপল কলিতাৰ লগতে অৰ্ধশতাধিক মইনা, অভিভাৱক আৰু অঞ্চলবাসী ৰাইজ উপস্থিত আছিল।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
- NSE Launches Electronic Gold Receipts (EGRs) to Strengthen India’s Gold Ecosystem
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা