পেলনীয়া সামগ্ৰীৰে হলিউডৰ ছুপাৰ হিৰ’ আইৰন মেন তৈয়াৰ কৰি মণিপুৰৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।মণিপুৰৰ থৌবাল জিলাৰ ২১ বছৰীয়া নিংগোমবাম প্ৰেম নামৰ যুৱকজনে কাৰ্ডব’ৰ্ড আৰু পেলনীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰে ঘৰতে এটা আইৰন মেনৰ ৰবট সাঁজি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে।ইউটিউবৰ জৰিয়তে তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’ই ব্যাপক সমাদৰ লাভ কৰিছে।তেওঁৰ ভিডিঅ’টো Brut নামৰ সংবাদ গোষ্ঠীটোৱে শ্বেয়াৰ কৰাৰ লগতে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই টুইটাৰত শ্বেয়াৰ কৰে। ইয়াৰ পিছতে ভিডিঅ’টোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।আনন্দ মহিন্দ্ৰাই টুইটাৰ যোগে যুৱকজনক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।আজৰি সময়ত নিজৰ মাক দেউতাকক পথৰ কাষত দিয়া খাদ্যৰ দোকানত সহায় কৰি দিয়া এই তৰুণ যুৱকজনে বৰ্তমান ইম্ফল আৰ্ট কলেজত চাৰুকলাৰ অধ্যয়ন কৰি আছে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে