অসমৰ একালৰ প্রখ্যাত টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা ভাৰতীয় টেবুল টেনিছ দলৰ প্রশিক্ষক নিযুক্ত হৈছে৷ অহা ২৮ ছেপ্টেম্বৰৰ পৰা ৫ ছেপ্ঢেম্বৰলৈ কাটাৰত অনুষ্ঠিত হ’বলগীয়া ২৫সংখ্যক আই টি টি এফ এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপৰ বাবে ঘোষিত ভাৰতীয় দলটোত অসমৰ অৰ্জুন বঁটা বিজয়ী প্রাক্তন খেলুৱৈগৰাকীয়ে প্রশিক্ষকৰ গুৰুদায়িত্ব লাভ কৰিছে৷ দলটোৰ আনগৰাকী প্রশিক্ষক হ’ল অৰূপ বাছাক৷ইফালে, প্রতিযোগিতাখনত জি সাথিয়ান, শৰথ কমল আদিৰ দৰে দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈয়ে অংশ ল’ব৷ মন কৰিবলগীয়া যে ভাৰতীয় ছিনিয়ৰ টেবুল টেনিছ দলটোৰ প্রশিক্ষকৰ দায়িত্ব লাভ কৰা মনালিছা বৰুৱা হ’ল কেইবাবাৰৰ প্রাক্তন ৰাষ্ট্রীয় চেম্পিয়ন৷ তেওঁ ১৯৮৭ত সন্মানীয় অর্জুন বঁটা লাভ কৰিছিল৷
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ